গুৱাহাটী, ১২ জুলাই, ২০২৪ : অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগা পেৰিছ অলিম্পিকত (Olympic) একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে অংশ ল’ব মহিলা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে। বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰা লাভলিনা বৰগোহাঁইক শুভেচ্ছা জনোৱাৰ বাবে অসম বক্সিং সন্থাই অভিনৱ পদক্ষেপ হাতত লৈছে৷ সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি লাভলিনা বৰগোঁহাইক শুভেচ্ছা জনোৱাৰ বাবে এখন বিশেষ গামোছাত ৰাজ্যৰ প্ৰবীন-নবীন খেলুৱৈ-সংগঠক তথা বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছামূলক স্বাক্ষৰ কৰিব আৰু এই গামোছাখন অসম কন্যাক পেৰিছৰ ভুমিত হেমন্ত কুমাৰ কলিতাই নিজ হাতে অৰ্পনো কৰিব৷
ইতিমধ্যে বৃহস্পিবাৰে দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গামোছাখনত প্ৰথমটো স্বাক্ষৰ কৰি অভিযানৰ আৰম্ভনি কৰিছে৷ শীঘ্ৰেই নেহৰু ষ্টেডিয়ামত অসম বক্সিং সন্থাই স্বাক্ষৰ অভিযান আৰম্ভ কৰিব৷ ইফালে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি জাৰ্মানীত অনুশীলন কৰি থকা লাভলিনা বৰগোহাঁইৰ লগত ভিডিঅ’ ক’লযোগে প্ৰস্তুতিৰ বুজ লয় তথা শুভেচ্ছাও জ্ঞাপন কৰে৷ উল্লেখ্য যে বক্সিঙৰ জড়িয়তেই অলিম্পিকৰ মঞ্চত ধাৰাবহিকৰূপত অসমৰ গৌৰৱৰ স্থিতি বৰ্তি আছে৷ ২০১২ ৰ লণ্ডন আৰু ২০১৬ ৰ ৰিঅ’ অলিম্পিকত অসমৰ পুৰুষ বক্সাৰ শিৱ থাপাই দেশক প্ৰতিনিধিত্ব কৰাৰ পাছত ২০২০ ৰ টকিঅ’ অলিম্পিকত অসমৰ প্ৰথম মহিলা হিচাপে লাভলিনাবৰগোহাঁইয়ে অংশ লৈছিল তথা অভিষেকতে পদক জয় কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৌৰৱময় সফলতা ৰাজ্যবাসীক দিছিল৷
অসমৰ প্ৰথম ক্ৰীড়াবিদৰূপে সন্মানীয় খেলৰত্ন লাভ কৰা লাভলিনা বৰগোঁহাই পেৰিছ অলিম্পিকতো দেশৰ অন্যতম পদক প্ৰত্যাশী এথলীট৷ ক্ৰমাগত চাৰিখন অলিম্পিকলৈ অসমৰ বক্সাৰ প্ৰেৰণ কৰি স্বাভাৱিকতে উৎফুল্লিত ভাৰতীয় বক্সিং ফেডাৰেছনৰো সচিব প্ৰধানৰ দয়িত্বত থকা হেমন্ত কুমাৰ কলিতাই লগতে আশা ব্যক্ত কৰে যে এইবাৰ পেৰিছত লাভলিনাৰ লগতে ভাৰতৰ অন্য বক্সাৰেও পদক জয় কৰিব৷ স্মৰ্তব্য যে আসন্ন অলিম্পিকত লাভলিনাৰল বৰগোঁহাইৰ লগতে ছগৰাকী ভাৰতীয় বক্সাৰে দেশক প্ৰতিনিধিত্ব কৰিব৷ বিশ্ব চেম্পিয়নশ্বিপত সোণ লাভ কৰা নিখাত জাৰিন, প্ৰীতি, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অমিত পাংগল তথা জেচমিন আৰু নিশান্ত দেবে পেৰিছৰ বক্সিং ৰিঙত নামিব৷
ইতিমধ্যে ২০০৮ ত বীজেন্দৰ সিঙ, ২০১২ ত এম চি মেৰীকম আৰু ২০২০ ত লাভলিনা বৰগোহাঁইৰ জড়িয়তে ভাৰতীয় বক্সাৰে দেশক তিনিখন অলিম্পিক পদক দিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ অনুষ্ঠানত সম্পাদক হেমন্ত কুমাৰ কলিতাৰ লগতে উপস্থিত থাকে অসম অলিম্পিকৰ দুই জ্যেষ্ঠ সদস্য কল্যান গগৈ, বানীব্ৰত দাস আৰু অসম বক্সিঙৰ যুটীয়া সম্পাদক অশোক বৰুৱা৷