তিনিচুকীয়া, ২৯ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিককত নিশা প্ৰায় ৯ বাজি ১৫ মিনিটত সংঘটিত হয় এক ভয়াৱহ ঘটনা। লিডু এ এন ই ইণ্ডাষ্টিয়েল প্ৰাইভেট লিমিটেডৰ ৱেষ্ট ( পশ্চিম দিশ ) ক’ল মাইনিং কোম্পানীৰ বাহনৰ ৰক্ষনস্থলীত এন এচ চি এন ( আই ) ৰ প্ৰায় ২০- ২৫ জনীয়া এটা সশস্ত্ৰ উগ্ৰপন্থী দলে হাতত মাৰাণাস্ত্ৰ লৈ পাঁচখনকৈ টেংকাৰ আৰু ডাম্পাৰত চলালে তাণ্ডৱ। প্ৰথমতে বাহন কেইখনৰ ওপৰত লক্ষ্য কৰি গুলী চালনা কৰে যদিও পাছত বাহনসমূহ জ্বলাই দিয়ে। উল্লেখযোগ্য এ এন ই ডি. চি. এল, মহাৰত্নৰ দৰে বৃহৎ বৃহৎ ক’ল মাইনিং কোম্পানীসমূহে দিনে-নিশাই লিডু পাটকাই পাহাৰত যি অবাধ হাড়ত ধ্বংস লীলা চলাইছে আৰু তাৰে মাহেকীয়া অংশ স্বৰূপে উগ্ৰপন্থী সমূহক ধন আদায় নিদিয়াৰ বাবেই এই কাৰ্য সংঘটিত কৰা বুলি এক সূত্ৰৰ মুখৰ পৰা জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ দল ৰাওনা হৈছে যদিও পলাই পত্রং দিয়ে সংগঠনটোৱে। উদ্ধাৰ কৰা হৈছে দুই ৰাউণ্ড গুলীৰ লগতে বহু আপত্তিজনক সামগ্ৰী। তাকে লৈ লিডু-মাৰ্ঘেৰিটাত অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।