ডুমডুমা, ৩ নৱেম্বৰ, ২০২৩ : অৱশেষত অন্ত পৰিল সন্ত্ৰাসৰ। বিগত কেইবাদিন ধৰি সন্ত্ৰাস চলাই থকা নাহৰফুটুকী বাঘ (Leopard) আৱদ্ধ হ’ল পিঞ্জৰাত। বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হৈ গৰজি উটিল নাহৰফুটুকী বাঘটো। বনাঞ্চলৰ পৰা ওলাই আহি বহু লোকৰ পোহনীয়া জন্তুৰ চিকাৰ কৰিছিল নাহৰফুটুকী বাঘটোৱে। শ শ লোকে ভিৰ কৰে পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোক চাবলৈ।

ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ হৈ উঠিছে বন্যপ্ৰাণী আৰু মানুহৰ মাজৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে নাহৰফুটুকী বাঘ আৰু মানুহৰ সংঘাতো বৃদ্ধি পাবলৈ ধৰিছে। বনাঞ্চল ধ্বংসৰ ফল ভুগিছে ৰাজ্যবাসীয়ে। ব্যাপক হাৰত বনাঞ্চল ধ্বংসৰ বাবেই জনাঞ্চললৈ ওলাই আহিছে বন্যপ্ৰাণী। জনাঞ্চলত প্ৰায়ে দেখিবলৈ পোৱা যায় বনৰীয়া হাতী আৰু নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ।

এইবাৰ তিনিচুকীয়া জিলাৰ ফিল’বাৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ হৈছে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধিনৰ তৰাণি সংৰক্ষিত বনাঞ্চলৰ কাষত থকা ফিল’বাৰী চাহ বাগিচাত বৃহস্পতিবাৰে নিশাৰ ভাগত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। বিগত কেইবাদিন ধৰি ফিল’বাৰী চাহ বাগিচাৰ হেমবাৰি লাইন আৰু চিকৰাজানত নাহৰফুটুকী বাঘটোৱে পোহনীয়া জন্তু ভক্ষণ কৰাৰ লগতে চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ মাজত সন্ত্ৰাস চলাই আহিছিল।

বন বিভাগে ফিল’বাৰী চাহ বাগিচাৰ পৰিচালকৰ অভিযোগ ভিত্তিত চাহ বাগিচাৰ ভিতৰত কিছুদিন পূৰ্বে নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা পাতিছিল। অৱশেষত বৃহস্পতিবাৰে নিশাৰ ভাগত পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। উল্লেখ্য যে কিছুদিন পূৰ্বেও এটা নাহৰফুটুকী বাঘ বন বিভাগে পিঞ্জৰাবদ্ধ কৰি মুকলি কৰি দিছিল তৰাণী সংৰক্ষিত বনাঞ্চলত। ফিল’বাৰী চাহ বাগিচাৰ নলাত কেইদিনমান পূৰ্বে তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি প্ৰত্যক্ষ কৰিছিল চাহ বাগিচাৰ কৰ্মচাৰী সকলে।

বন বিভাগে এতিয়াও ফিল’বাৰী চাহ বাগিচাখনত কেইবাটাও নাহৰফুটুকী বাঘ থকা সন্দেহ প্ৰকাশ কৰিছে। পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকী বাঘটোক বন বিভাগে চৰাইপুং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিব বুলি জানিব পৰা গৈছে। ইফালে পুৱাৰ ভাগত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বন জুইৰ দৰে বিয়পি পৰা শ শ লোকে ভিৰ কৰে পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকী বাঘটোক চাবলৈ।