গুৱাহাটী, সংবাদ৩৬৫,১১মাৰ্চ: অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ’ব ১১ এপ্ৰিলত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন ১৮ মাৰ্চৰ পৰা আৰু মনোনয়ন দাখিলৰ অন্তিম দিন ২৫মাৰ্চ । আনহাতে,মনোনয়ন পৰীক্ষণৰ দিন ২৬ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন ২৮ মাৰ্চ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৭৫,১৬,২৮৪ জনৰ বিপৰীতে মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ৯৫৭৪ ।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ’ব ১৮ এপ্ৰিলত। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন ১৯মাৰ্চ আৰু মনোনয়ন দাখিলৰ অন্তিম দিন ২৬ মাৰ্চ। আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পৰীক্ষণৰ দিন ২৭ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন ২৯ মাৰ্চ।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ৬,৮৩,৬৪৯৬ জন আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ৮,৯৯২ টা।
অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ’ব ২৩ এপ্ৰিলত। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন ২৮মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে।মনোনয়ন পৰীক্ষাৰ দিন ৫এপ্ৰিল আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন ৮এপ্ৰিল।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা ৭,৪০,৭৮২৪জন আৰু
মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৯,৫৭৭টা ।
আনহাতে,স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যা ১,৯১৩টা আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যা ৩,৬৬৩টা।
উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ ৱেব কাষ্টিংৰ জৰিয়তে পৰ্যবেক্ষণ কৰিব । মুখ্য কাৰ্যালয় বা জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ চাই থাকিব পাৰিব ভোটগ্ৰহণ। সোমবাৰে সংবাদ মাধ্যমৰ আগত এইকথা অৱগত কৰে মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে।