গুৱাহাটী,সংবাদ৩৬৫, ১১ মাৰ্চ : এহাল দম্পত্তি,যিয়ে সফলতাৰে সম্পূৰ্ণ কৰিলে চাৰিমাহ জোৰা এক অভিলাসী মটৰ চাইকেল ভ্ৰমণ,যত সামৰি লোৱা হৈছিল এছিয়া আৰু ইউৰোপৰ ১৮ দেশ আৰু ২০,০০০ কিলোমিটাৰ।

তেওঁলোকৰ উদ্দেশ্যে বৈচিত্ৰ্যময় ধৰিত্ৰীৰ সৌন্দৰ্য্য উদ্ঘাটন কৰা,প্ৰকৃতিক অকৃত্ৰিম ৰূপত বিচাৰি চোৱা আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰ অচিনাকি জনতাৰ সৈতে সংযোগ স্থাপন কৰা।

নিজৰ ধন ব্যয় কৰি দম্পত্তিহালে ১৮ খন দেশ ভাৰতত পঞ্জীয়নকৃত ডুকাটি মটৰ চাইকেলত স্পেইনৰ পৰা পৰ্টুগাল হৈ গ্ৰীচ আৰু শেষত তুৰস্কত শেষ কৰিছিল তেওঁলোকৰ ভ্ৰমণ।

উক্ত দম্পত্তিহাল মানস দেৱান আৰু ডঃ অনুৰাধা ভোচলে। মানস দেৱানৰ ঘৰ গুৱাহাটীৰ ৰিহাবাৰীত। বৰ্তমান পুণেৰ নিবাসী। পেছাত এগৰাকী অভিজ্ঞতাসম্পন্ন কৰ্পৰেট আৰু ডঃ অনুৰাধা ভোচলে দেৱান দৰ্শনৰ পি এইচ ডি ডিগ্ৰীধাৰী আৰু এগৰাকী প্ৰতিষ্ঠিত লাইফ ক’চ তথা কৰ্পৰেট ট্ৰেইনাৰ।

মানস দেৱানৰ শেহতীয়াকৈ প্ৰকাশিত গ্ৰন্থ” ডিয়েৰ জাৰ্ণি”ত চিনাকি পৃথিৱী খনৰ পৰা দুৰণিলৈ যোৱা আৰু অচিনাকি স্থানত অৱস্থানৰ লোৱাৰ বিষয়ে উল্লেখ আছে।

উক্ত গ্ৰন্থখন দুখন উপন্যাসিকাৰ একত্ৰ সংকলন। ডিয়েৰ জাৰ্ণি ফ্ৰীহুইলিং শীৰ্ষক প্ৰথম খন উপন্যাসিকা ৰসাল আৰু বাধাহীন ২৫ টা বৰ্ণনাৰ সমান্তৰাল ভাৱে ১৮ খন ৰাষ্ট্ৰ জোৰা মটৰ চাইকেল ভ্ৰমণৰ পৰা পোৱা গভীৰ অনুপ্ৰেৰণাৰ সংকলন।

একেখন গ্ৰন্থৰে দ্বিতীয় উপন্যাসিকা” ডিয়েৰ জাৰ্ণি ৱিডিন”ত উল্লেখ কৰা হৈছে এক জিপচীৰ সংঘর্ষ তথা এখন অৰণ্যৰ ঐন্দ্ৰজালিক প্ৰাণীক। কাব্যিক ভাষাৰে আগবঢ়োৱা এই উপন্যাসিকাৰ বিমূৰ্ত কাহিনীয়ে আগবঢ়াই লৈ যাব এক গভীৰ অৰ্থৰ মাজলৈ।