নিউজ ডেস্ক, ২৮ জুন, ২০২৬ : যাত্ৰী স্বাচ্ছন্দ্য বৃদ্ধিৰ লগতে ৰে’লৱে আন্তঃগাঁথনি আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং ৰে’লৱে ষ্টেচনৰ সন্মূখভাগ স্থাপত্যশৈলীযুক্ত আলোকসজ্জাৰে সজ্জিত কৰি ষ্টেচনটো আকৰ্ষণীয়ভাৱে এক দৃশ্যমানসম্পন্ন সমৃদ্ধ ষ্টেচনলৈ ৰূপান্তৰিত কৰি নিশাৰ দৃশ্যমানতা আৰু চতুৰ্দিশৰ পৰিৱেশ আৰু অধিক মনোৰম কৰি তুলিছে। এই প্ৰকল্পটোত বিভিন্ন বৰ্ণিল আলোকসজ্জাৰ প্ৰভাৱ সহ বিদ্যুৎ শক্তিসম্পন্ন আৰজিবি এলইডি ফেচেড লাইটিং ফিক্সচাৰ স্থাপন কৰা হৈছে, যি ষ্টেচনটোৰ সন্মুখভাগ, গম্বুজ, স্তম্ভ আৰু অন্যান্য স্থাপত্যৰ সুউচ্চ ভাগত সমভাৱে পোহৰ প্ৰদান কৰে।
বতৰৰ সামগ্ৰিক পৰিস্থিতিত নিৰ্ভৰযোগ্য কামকাজ নিশ্চিত কৰাৰ বাবে বতৰৰোধী আউটডোৰ ফিটিং আৰু কেবলিঙো উপলব্ধ কৰা হৈছে। নতুনকৈ স্থাপন কৰা আলোকসজ্জাই কেৱল ষ্টেচনটোৰ নান্দনিক সৌন্দৰ্য্য বৃদ্ধি কৰাই নহয় আনহাতে দীৰ্ঘম্যাদী এলইডি প্ৰযুক্তিৰ ব্যৱহাৰেৰে বহনক্ষম আৰু পৰিৱেশ-অনুকূল আন্তঃগাঁথনি প্ৰসাৰিত কৰি ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাৰ লগতে উপযুক্ত আলোকসজ্জা নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। জীৱন্ত আলোকসজ্জাৰ প্ৰস্তুতিৰে লামডিং জংচনটো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক সুকীয়া ল্যাণ্ডমাৰ্ক হিচাপে পৰিগণিত হৈছে, যি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশ্বমানৰ আন্তঃগাঁথনি প্ৰদান আৰু সামগ্ৰিক যাত্ৰী অভিজ্ঞতা সমৃদ্ধ কৰাৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।
ষ্টেচন সন্মুখভাগৰ স্থাপত্যশৈলী আলোকসজ্জা প্ৰকল্পটো নান্দনিক সৌন্দৰ্য্যৰ সংমিশ্ৰণেৰে এক আধুনিক, বহনক্ষম আৰু দৃশ্যমানভাৱে আকৰ্ষণীয় ৰেলৱে ষ্টেচন সৃষ্টি কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অব্যাহত প্ৰয়াসৰে এক অংশ। আলোকসজ্জিত ষ্টেচনটোৱে লামডিং জংচনক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে, যি ভ্ৰমণ অভিজ্ঞতা উন্নত কৰি পৰিৱেশ-অনুকূল আৰু যাত্ৰী-কেন্দ্ৰিক আন্তঃগাঁথনিক সম্প্ৰসাৰিত কৰিছে। এনে পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই সংশ্লিষ্ট অঞ্চলটোত বিশ্বমানৰ ৰে’লৱে সুবিধা বিকশিত কৰি যাত্ৰী সা-সুবিধা উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সদায় সমৰ্পিত হৈ আহিছে।
