নিউজ ডেস্ক, ১ জুন, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই লামডিং-শিলচৰ পাৰ্বত্য খণ্ডৰ গুৰুত্বপূৰ্ণ স্থানসমূহত এয়াৰব’ৰ্ণ ইলেক্ট্ৰমেগনেটিক লিডাৰ (LiDAR) জৰীপ কৰিবলৈ সাজু হৈছে। জৰীপটো বাৰিষাৰ সময়ত আৰু পিছত কৰা হ’ব যিয়ে মাটিৰ স্তৰৰ প্ৰকাৰ, শ্লোপৰ স্থিৰতা, পাহাৰৰ কোনো অৱস্থাৰ পৰিৱৰ্তনৰ বাবে প্ৰাকৃতিক বা গঠিত ত্ৰুটিৰ উপস্থিতি, মাটিৰ স্তৰৰ তলত পানী জমা হোৱা, শ্লিপ চাৰ্কোলৰ গঠন আৰু পাহাৰৰ পাদপৃষ্ঠৰ স্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ অৱস্থান বিতংভাৱে বিশ্লেষণ কৰিব। 

এই জৰীপটো লামডিং-বদৰপুৰ খণ্ডৰ মাজত কিঃমিঃ-৪৫ ৰ পৰা কিঃমিঃ-১২৫ ত সম্পন্ন কৰা হ’ব। জৰীপৰ বাবে নিবিদা ইতিমধ্যে চূড়ান্ত কৰা হৈছে আৰু নয়ডাস্থিত কোম্পানী মেচাৰ্চ গাৰুডাইউএভি ছফ্ট ছলিউচন প্ৰাইভেট লিমিটেডক প্ৰদান কৰা হৈছে। এ আই চালিত শক্তিশালী ডিজিটেল টুইন আধাৰিত এক পয়েন্ট মণিটৰিং চিষ্টেমৰ ওপৰত আধাৰিত এয়াৰব’ৰ্ণ গ্ৰাউণ্ড ছাৰফেচ আৰু ছাব ছাৰফেজ ইলেক্ট্ৰমেগনেটিক জৰীপ সম্পন্ন কৰা হ’ব। ই ডাইনামিক জিঅ’ফিজিকেল লেণ্ডস্কেপ আৰু ভূগৰ্ভস্থ পৰিৱেশ নিৰীক্ষণ কৰিব যি লেণ্ড শ্লাইড/স্লিপ প্ৰৱণ সংবেদনশীল আৰু দুৰ্বল স্থানত গুৰুত্বপূৰ্ণ মানৱ হস্তক্ষেপ অবিহনে ট্ৰেকৰ অৱস্থাৰ প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণৰ বাবে ফেইলাৰ/গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ চিনাক্ত কৰা আৰু বিশ্লেষণ কৰাত সহায় কৰিব।

এইটো নন-ইনভেচিফ চেন্সৰ অৰ্থাৎ লিডাৰ, অপ্টিকেল ফটোগ্ৰামেট্ৰি, ইনফ্ৰাৰেড মেপিং আৰু গ্ৰাউণ্ড পেনিট্ৰেটিং ৰাডাৰ আৰু এয়াৰব’ৰ্ণ ইলেক্ট্ৰমেগনেটিক ব্যৱহাৰ কৰি কৰা হ’ব। জৰীপৰ দ্বাৰা উৎপন্ন হোৱা হাজাৰ হাজাৰ ডাটাৰ উন্নততৰ তুলনাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ছফ্টৱেৰৰ দ্বাৰা ফলাফল বা আউটপুট বিশ্লেষণ কৰা হ’ব আৰু এনে গুৰুত্বপূৰ্ণ অৱস্থানৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা প্ৰদান কৰা হ’ব। বিতং আৰু নিখুঁত উচ্চস্তৰীয় ডাটা প্ৰাপ্ত কৰিবলৈ লিডাৰ (লাইট ডিটেকচন এণ্ড ৰেঞ্জিং) প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।

বৰ্তমানৰ ৰে’লপথ, সমীপৱৰ্তী ভূখণ্ড আৰু যিকোনো সম্পৰ্কিত গঠনসহ প্ৰকল্প এলেকাৰ ভৌগোলিক অৱস্থা প্ৰাপ্ত কৰাৰ বাবে এয়াৰব’ৰ্ণ বা টেৰেষ্ট্ৰিয়েল লিডাৰ স্কেনাৰ ব্যৱহাৰ কৰি এক লিডাৰ জৰীপ কৰা হয়। ৰে’লৱে জৰীপ প্ৰকল্পসমূহত ৰে’লৱেৰ পৰিকল্পনা, ডিজাইন, নিৰ্মাণ আৰু তত্বাৱধানত সহায় কৰাৰ বাবে বিভিন্ন ধৰণৰ জৰীপৰ কামকাজ আৰু কৌশল অন্তৰ্ভুক্ত থাকে। এই জৰীপসমূহে ৰে’ল পৰিবহন প্ৰণালীৰ সুৰক্ষা, দক্ষতা আৰু কাৰ্যকৰীতা নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।