গুৱাহাটী, ১৩ জানুৱাৰী, ২০২৫ : অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সৌজন্যত অসম বাণিজ্য উন্নয়ন সংস্থাই গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আয়োজন কৰা ‘এ টি পি অ’ আন্তুঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলাৰ দেওবাৰে সফল সামৰণি পৰে। ৰাজ্যৰ প্ৰায় এশৰো অধিক ক্ষুদ্ৰ উদ্যোগীৰ বিভিন্ন উৎপাদিত সামগ্ৰীৰ লগতে দেশ-বিদেশৰ প্ৰায় ৬০ খনৰো অধিক বিপনীয়ে এই মেলাত অংশগ্ৰহণ কৰিছিল। যোৱা ২৫ ডিচেম্বৰৰ পৰা ১২ জানুৱাৰীলৈ চলা উনৈশদিনীয়া বাণিজ্য মেলাখনত (Trade Fair) প্ৰায় ৬ কোটি টকাৰ সামগ্ৰী বিক্ৰী হৈছে।

অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই কয় যে অসমৰ এনে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগী আছে যিসকলৰ উৎপাদিত সামগ্ৰীৰ গুনগত মান যথেষ্ঠ উন্নত কিন্তু প্ৰচাৰবিমুখ হোৱা বাবে এই সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন ভাল বজাৰ লাভ নকৰে অথচ ডাঙৰ ডাঙৰ উদ্যোগসমূহে একেই সামগ্ৰী উৎপাদন কৰি প্ৰচাৰৰ নামত কোটি কোটি টকা বিনিয়োগ কৰি এখন বৃহৎ বজাৰ লাভ কৰি যথেষ্ঠ মুনাফা অৰ্জন কৰে।অসম বাণিজ্য উন্নয়ন সংস্থাৰ লক্ষ্য হৈছে এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগীসমূহে উৎপাদিত সামগ্ৰীসমূহ উৎপাদন কৰি যাতে বিক্ৰীৰ বাবে এখন ভাল বজাৰ লাভ কৰে আৰু মুনাফা অৰ্জন কৰি নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তোলে আৰু লগতে আন দহজনক কৰ্মসংস্থাপন দিব পাৰে। অধ্যক্ষ সুনীল ডেকাই কয় যে ২০২১ চনৰ নবেম্বৰ মাহত অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ হোৱাৰ পিছত যোৱা তিনি বছৰত বিভিন্ন প্ৰান্তত এনে ধৰণৰ ১২ খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা অনুষ্ঠিত কৰিছে।প্ৰতিখন মেলাতে দেশ-বিদেশৰ বিপনীৰ লগতে প্ৰায় ১০০ গৰাকী অসমৰ ক্ষুদ্ৰ উদ্যোগীক বিনামূলীয়াকৈ অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি অহা হৈছে।

ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, শিলচৰ, কোকৰাঝাৰ, গুৱাহাটী আৰু নলবাৰী হৰিমন্দিৰ ৰাস মহোৎসৱত বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে। এই নলবাৰীত হৰি মন্দিৰ ৰাস মহোৎসৱত অনুষ্ঠিত বাণিজ্য মেলাত প্ৰায় ৫ কোটি টকাৰ সামগ্ৰী বিক্ৰী হয়। যোৱা ১৬ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হোৱা যোৰহাট বাণিজ্য মেলাত প্ৰায় ৩.৭৫ কোটি টকাৰ সামগ্ৰী বিক্ৰী হয়। এই মেলাসমূহত অংশগ্ৰহণ কৰা বিপনীসমূহে যথেষ্ঠ লাভাম্বিত হয় আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ সেই অঞ্চলবোৰত এখন বজাৰৰ সৃষ্টি হয়। আগন্তুক বছৰটোত অসম বাণিজ্য উন্নয়ন সংস্থাই বিভিন্ন পৰিকল্পনা কৰিছে আৰু অসমৰ উদ্যোগীসকলে লাভাম্বিত হ’ব পৰাকৈ এনে ধৰণৰ বাণিজ্য মেলা অনুষ্ঠিত কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ।

ভাৰতৰ অন্য ৰাজ্যত তথা বিদেশৰ নিৰ্বাচিত বাণিজ্য মেলাত অসমৰ উদ্যোগীসকলৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰী আৰু প্ৰদৰ্শনৰো ব্যৱস্থা কৰিব বুলি অধ্যক্ষ গৰাকীয়ে জানিব দিয়ে।অধ্যক্ষ সুনীল ডেকাই কয় যে অসমৰ গতিশীল আৰু দুৰদৰ্শী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উদ্যোগক্ষেত্ৰ যথেষ্ঠ উন্নত হৈছে। ২৭ হাজাৰ কোটি টকাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ লগত বহুতো বৃহং উদ্যোগ স্থাপন হোৱাৰ এটা পৰিৱেশ আহিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নিবনুৱা যুৱক-যুৱতীসকলে আত্মনিৰ্ভৰ হ’ব পৰাকৈ সহজলভ্য আৰু অনুদানৰ ঋণৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰ চৌহদত এক অত্যাধুনিক ‘বাণিজ্য মল’ নিৰ্মাণ কৰি থকা হৈছে যাক ‘ইউনিটি মল’ হিচাপে জনা যাব। এই মলত অসমৰ প্ৰতিখন জিলাৰ উৎপাদিত সামগ্ৰীৰ বাবে একোখনকৈ বিপনী থকাৰ উপৰিও ভাৰতৰ প্ৰতিখন ৰাজ্যৰ বাবে একোখনকৈ বিপনী থাকিব।এডভাণ্টেজ আছাম ২:০ সংস্কৰণত অসমৰ উদ্যোগ ক্ষেত্ৰখনলৈও এক আশাৰ ৰেঙনি দেখা গৈছে বুলি অধ্যক্ষগৰাকীয়ে কয়।