গুৱাহাটী : মহানগৰী গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালত (Marwari Hospital) ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰণালয়ৰ মন্ত্ৰী কেশৱ মহন্তই এটা নৱ নিৰ্মিত অস্ত্ৰোপচাৰ কক্ষ উদ্বোধনী কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰশাসনিক বিষয়া অবিনাশ পি যুশী, স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰণালয়ৰ অধ্যক্ষ, দাতাসকল আৰু নিমন্ত্ৰিত অতিথিবৃন্দ।

অস্ত্ৰোপচাৰ কক্ষটো পিএচি ৰূম, চেপতিক অটি, ইউটিলিটি ৰূম, ইনষ্ট্ৰোমেণ্ট ক্লীনিং এৰিয়া, অটি ষ্টেৰাইল জ’ন, গেছ মেনিফল্ড, প্ৰী অপাৰেটিভ এৰিয়া,৪ টা অপাৰেশ্যন ৰূম আৰু ভিটেল মনিতৰ্চ আদি সকলোধৰণৰ সা-সুবিধাৰে উপলব্ধ। সভাপতি ৰমেশ গোৱেংকাই প্ৰতিজন দাতাক প্ৰতিষ্ঠানটোৰ বিকাশত সহায় কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনায়।

তেওঁ লগতে প্ৰকাশ কৰে যে এই নতুন ছাৰ্জাৰীৰ সুবিধাই কেৱল হাস্পতালখনৰ মানদণ্ড উন্নত কৰাই নহয় লগতে ৰোগীসকলক কম খৰছতে চিকিৎসা প্ৰদান কৰিব। তাৰোপৰি জেনেৰেল ৱাৰ্ডৰ ৰোগীসকলৰ বাবে নামভৰ্ত্তিৰ মাছুল বিনামূলীয়া হোৱাৰ লগতে ডক্তৰ, নাৰ্ছ আৰু আহাৰৰ বাবে কোনোধৰণৰ মাছুল লোৱা নহয় বুলি জানিবলৈ দিয়ে।

সভাপতি ৰমেশ গোৱেংকাই লগতে জানিব দিয়ে যে হাস্পতালখনত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ সংখ্যা কম আৰু গৌৰৱেৰে প্ৰকাশ কৰে যে এতিয়ালৈকে ১ লাখ ২৫ হাজাৰ শিশুৱে হাস্পতালখনত জন্ম লাভ কৰিছে। বিশিষ্ট অতিথি মন্ত্ৰী কেশৱ মহন্তই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত হাস্পতালখনে উন্নত হাস্পতাল হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। লগতে আশা প্ৰকাশ কৰে যে নতুন অস্ত্ৰোপচাৰ কক্ষটোৱে সমাজৰ সকলো শ্ৰেণীৰ লোককে লাভদায়ক সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকসকলক।

হাস্পতালখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে অনাগত দিনত নিশ্চিতভাৱে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানটোত উপস্থিত থকা স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ অধ্যক্ষ অবিনাশ পি যুশীয়ে মাৰোৱাৰী হাস্পতালৰ উন্নত চিকিৎসা সেৱাৰ প্ৰসংশা কৰে। অনুষ্ঠানৰ শেষত সংবাদ বৈঠকত মন্ত্ৰী কেশৱ মহন্তই হাস্পতালখনৰ উন্নত চিকিৎসা সেৱাৰ বাবে হাস্পতাল কতৃপক্ষক শুভেচ্ছা জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।