গুৱাহাটী, ২৬ ছেপ্টেম্বৰ, ২০২৪ : সংগীত চিকিৎসা আৰু শাব্দিক নিৰাময়ৰ জৰিয়তে মানসিক সুস্থতাৰ প্ৰতি নিজৰ অনন্য দৃষ্টিভংগীৰে দৰ্শকসকলক মোহিত কৰা প্ৰশংসিত মিউজিক থেৰাপিষ্ট (Music Therapist) অনুভূতি গোস্বামীয়ে অলপতে গুৱাহাটীত তেওঁৰ মেলোডিক মাইণ্ডছৰ যাত্ৰাৰ সফল সামৰণি মাৰে। দক্ষ বহু-বাদ্যযন্ত্ৰবাদক আৰু শাব্দিক নিৰাময়কাৰী স্বামী ইমন সেউজ গোস্বামীৰ সহযোগিতাত সম্পন্ন হোৱা এই যাত্ৰাত অনুভূতি গোস্বামীয়ে ধাৰাবাহিক অনুষ্ঠান অনুষ্ঠিত কৰি অংশগ্ৰহণকাৰীসকলক সংগীতৰ নিৰাময় শক্তি সম্পৰ্কে এক বিশেষ অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম হয়।  

২০২৪ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে আই টি এ মাছখোৱাত ব্যতিক্ৰম মাছডোৰ উদ্যোগত আয়োজিত কিংবদন্তি অসমীয়া গায়ক জয়ন্ত হাজৰিকাৰ নৈদানিক সাংগীতিক প্ৰভাৱৰ ওপৰত এক আকৰ্ষণীয় উপস্থাপনৰ জৰিয়তে এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। জয়ন্ত হাজৰিকাৰ সংগীতে কেনেকৈ মানুহৰ আৱেগিক আৰু মানসিক উদ্বিগ্নতা নিৰাময়ৰ উৎস হিচাপে কাম কৰি আছে সেই সম্পৰ্কে অনুভূতিৰ অন্তৰ্দৃষ্টিসম্পন্ন আলোচনাত আলোকপাত কৰা হয়। বিশ্ব আলঝেইমাৰ দিৱস উপলক্ষে অনুভূতিয়ে যোৱা ২১ ছেপ্টেম্বৰত সংগীত চিকিৎসাৰ জৰিয়তে স্মৃতিশক্তি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক কৰ্মশালা অনুষ্ঠিত কৰে।

কৰ্মশালাখনত তত্ত্বাৱধায়ক আৰু অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি স্মৃতিশক্তি ধৰি ৰখাৰ বাবে উপযোগী ব্যৱহাৰিক কৌশলৰ দৰে বিভিন্ন জ্ঞানবৰ্ধক কাৰ্য্যকলাপ প্ৰদৰ্শন কৰা হয়। লগতে, আলঝেইমাৰৰ দৰে স্মৃতিশক্তিৰ সৈতে জড়িত পৰিস্থিতিসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱহাৰিক পদ্ধতি সম্পৰ্কে কৰা আলোচনাৰ বাবে সমগ্ৰ কাৰ্য্যসূচীটোৱে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হয়। অনুভূতি গোস্বামীৰ মেলোডিক মাইণ্ডছ যাত্ৰাৰ প্ৰভাৱক বিশেষজ্ঞসকলে ভূয়সী প্ৰশংসা কৰে। এপল’ হাস্পতালৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডা° দীপেশ ভাগৱতীয়ে ইয়াক “মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এক অগ্ৰগতি” হিচাপে অভিহিত কৰে। আনহাতে, সংগীত চিকিৎসাই “উদ্বেগ হ্ৰাস কৰি স্নায়ৱিক যত্নৰ পৰিপূৰক হিচাপে কাম কৰে” বুলি স্নায়ুৰোগ বিশেষজ্ঞ ডা° অজয়া মহন্তই মন্তব্য প্ৰকাশ কৰে।

ইউ এছ টি এমৰ ডীন ড° গায়ত্ৰী গোস্বামীয়ে অনুভূতিৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি কয়, “সংগীতে কেনেদৰে আৱেগিক আৰু শৈক্ষিক বিকাশৰ পোষকতা কৰে সেয়া তেওঁৰ কামৰ জৰিয়তে স্পষ্টৰূপত প্ৰস্স্ফুটিত হৈছে।” ২৩ ছেপ্টেম্বৰ তাৰিখে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন এক বিশেষ অনুষ্ঠানত অনুভূতি গোস্বামীৰ নেতৃত্বত সংগীত চিকিৎসা আৰু শাব্দিক নিৰাময়ৰ চেলুট’জেনেটিক পদ্ধতিৰ ওপৰত এক গাম্ভীৰ্য্যপূৰ্ণ কৰ্মশালাৰ আয়োজন কৰা হয়। গভীৰ নৈদানিক মাত্ৰাজড়িত এই কৰ্মশালাত ইমনৰ বিশেষজ্ঞতাপূৰ্ণ শাব্দিক নিৰাময় কৌশলৰ দ্বাৰা সমৰ্থিত সামগ্ৰিক স্বাস্থ্য আৰু সুস্থাৱস্থা বৃদ্ধিত শব্দৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়।

যোৱা ২৫ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ বন্দীসকলৰ বাবে আয়োজিত এক শাব্দিক নিৰাময় অধিবেশনৰ সৈতে সমগ্ৰ যাত্ৰাটোৰ সফল সমাপ্তি ঘটে। এই আন্তৰিক পদক্ষেপে কাৰাগাৰত বন্দী জীৱন কটাই থকা ব্যক্তিসকলক শাব্দিক নিৰাময়ৰ শান্ত আৰু পুনৰুজ্জীৱক শক্তি অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰি তেওঁলোকৰ আৱেগিক আৰু মানসিক সুস্থতাৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাবলৈ সক্ষম হয়।