গুৱাহাটী, ২৪ জুলাই, ২০২৬ : ৰাজ্যৰ ঔষধ ব্যৱসায়ীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ আহ্বান জনাই অসমৰ স্বাস্থ্যমন্ত্ৰী (Health Minister) অশোক সিংহলক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছন অব্‌ অসমে৷ দিছপুৰত অসম সচিবালয়ত স্বাস্থ্যমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাই এছ’চিয়েছনৰ এটা প্ৰতিনিধি দলে উক্ত স্মাৰকপত্ৰখন প্ৰদান কৰে৷

কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছন অব্‌ অসমৰ সভাপতি ড॰ এন এল আগৰৱালা, দিলীপ চন্দ্ৰ গোস্বামী, হৰেণ শৰ্মা আৰু সঞ্জীৱ দেৱচৌধুৰীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে স্বাস্থ্যমন্ত্ৰীগৰাকীক ৰাজ্যত গুণাগুণ পৰীক্ষা নকৰাকৈ অনলাইযোগে ঔষধ বিক্ৰী, এআইৰ জৰিয়তে নিদানপত্ৰ প্ৰস্তুত কৰা, বিভিন্ন উপায়েৰে নিম্নমানৰ জীৱনদায়িনী ঔষধ এটা চক্ৰই ৰাজ্যৰ বজাৰত মেলি দিয়া, ঔষধৰ খুচুৰা আৰু পাইকাৰী বিক্ৰেতাৰ অনুজ্ঞাপত্ৰ বিভিন্ন জিলাত সামঞ্জস্য নথকাকৈ প্ৰদান কৰা, অনলাইনযোগে ঔষধ বিক্ৰীৰ ফলত নিষিদ্ধ দৰবৰ প্ৰচলন ঘটি থকা, ড্ৰাগছ এণ্ড ক’ষ্টমেটিক এক্ট, ১৯৪০ ত কিছুমান প্ৰয়োজনীয় দফা অন্তৰ্ভুক্তি নোহোৱা আদিৰ লগতে ৰাজ্যৰ প্ৰকৃত ঔষধ ব্যৱসায়ীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ প্ৰতিনিধি দলটোৱে লগতে ৰাজ্যত ভেজাল ঔষধৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা বাবে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ লগতে স্বাস্থ্য বিভাগ আৰু ঔষধ নিয়ন্ত্ৰণ বিভাগক ধন্যবাদো জনায়৷ ইপিনে, এছ’চিয়েছনৰ এই স্মাৰকপত্ৰখন গ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীয়ে জনসাধাৰণক বৈধভাৱে সুৰক্ষিত আৰু গুণগতমানসম্পন্ন ঔষধ যোগান নিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে৷ চৰকাৰৰ অনুমতি অবিহনে বা নিয়ম উলংঘা কৰি ঔষধ বিক্ৰী কৰি অহাসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বিষয়েও স্বাস্থ্যমন্ত্ৰীৰ লগতে বিভাগৰ উচ্ছপদস্থ বিষয়াসকলে এছ’চিয়েছনৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে৷ পাইকাৰী ঔষধ বিক্ৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰি খুচুৰা ব্যৱসায় চলাই থকা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ শীঘ্ৰে তদন্ত কৰিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছ কণ্ট্ৰ’ল বিভাগক নিৰ্দেশ দিয়ে৷ একেদৰে নিয়ম উলংঘা কৰা ঔষধ বিক্ৰেতাসকলৰ অনুজ্ঞাপত্ৰ পুনৰীক্ষণ কৰি প্ৰয়োজন সাপেক্ষে বাতিল কৰিবলৈ, বজাৰত বিক্ৰী কৰা ঔষধৰ উচ্ছ সম্পক¹য় নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈও আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

এই আলোচনাত স্বাস্থ্যমন্ত্ৰী, কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছন অব্‌ অসমৰ প্ৰতিনিধিৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব তথা ড॰ লক্ষ্মণন এছ, এন এইচ এম-অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিত শৰ্মা, ঔষধ নিয়ন্ত্ৰক বিশ্বজিত তালুকদাৰসহ স্বাস্থ্য বিভাগৰ কেইবাগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷