গুৱাহাটী, ১৫ নৱেম্বৰ ২০২৩ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ মহিলা পথ বিক্ৰেতাসকলৰ (Street Vendor) সৈতে মত বিনিময় কৰে। অমৃতকালত আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক জন ভাগীদাৰীয়ে ত্বৰান্বিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ অধীনত অসমৰ ক্ষুদ্ৰ বিক্ৰেতাসকলে লোৱা ঋণৰ ৮৪ শতাংশ পৰিশোধৰ সৈতে এক নিদৰ্শন দাঙি ধৰিছে বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে তেওঁৰ গুৱাহাটীৰ বাসগৃহত মহিলা পথ বিক্ৰেতাসকলৰ সৈতে এক মত বিনিময় সভাৰ আয়োজন কৰে। ৭৫ গৰাকীৰো অধিক মহিলা বিক্ৰেতাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ফলপ্ৰসূ বাৰ্তালাপ কৰে আৰু প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ অধীনত ঋণৰ জৰিয়তে তেওঁলোকে লাভ কৰা সুফলৰ অভিজ্ঞতা আৰু লাভালাভবোৰৰ বিষয়ে অৱগত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, “‘প্ৰধানমন্ত্ৰী পথ ব্যৱসায়ী আত্মনিৰ্ভৰ নিধি (স্ব-নিধি) আঁচনি’ৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকল আৰু খুচুৰা বিক্ৰেতাসকল যথেষ্ট উপকৃত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ৰূপায়িত এই আঁচনিৰ অধীনত পথ ব্যৱসায়ীসকলক ৰাজসাহায্যপ্ৰাপ্ত ঋণ প্ৰদান কৰা হৈছে, যাৰদ্বাৰা তেওঁলোকে আৰ্থিক সকাহ লাভ কৰিবলৈ সক্ষম হৈছে। ক’ভিড ১৯ মহামাৰীৰ পৰৱৰ্তীকালত এই আ‌ঁচনিখনে পথ ব্যৱসায়ীসকলক কিদৰে উপকৃত কৰিছে, সেই বিষয়ে জানিব পাৰি মই আনন্দিত হৈছোঁ। অমৃতকালত জন ভাগীদাৰীৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ কল্যাণ সাধনৰ বাবে আমাৰ চৰকাৰ বদ্ধপৰিকৰ।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “পথ ব্যৱসায়বোৰ পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰি থকা প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিখনে ক’ভিড ১৯ মহামাৰীৰ প্ৰত্যাহ্বানবোৰৰ পাছত পথ ব্যৱসায়ীসকলক তেওঁলোকৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰিবলৈ সহায় কৰিছে। ই তেওঁলোকৰ ব্যৱসায়ৰ পৰিসৰ সম্প্ৰসাৰিত কৰাত অৰিহণা যোগাইছে। অমৃতকালত আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক জন ভাগীদাৰীয়ে ত্বৰান্বিত কৰিব বুলি আমি দৃঢ় বিশ্বাসী। মই জানিবলৈ পাই আপ্লুত হৈছোঁ যে প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ অধীনত অসমৰ ক্ষুদ্ৰ বিক্ৰেতাসকলে লোৱা ঋণৰ ৮৪% পৰিশোধৰ সৈতে এক নিদৰ্শন দাঙি ধৰিছে।”