গুৱাহাটী, ১৫ নৱেম্বৰ, ২০২৩ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই বৰ্ধিত যাত্ৰী সমাগম আৰু ৰে’ল যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চলিত উৎসৱৰ ভিৰৰ সময়চছোৱাত আৰু কেইখনমান বিশেষ ৰে’ল (Special Rail) চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উৎসৱ বিশেষ ৰে’লসমূহে ইয়াৰ সময়ানুৱৰ্তীতা বজাই ৰাখি গুৰুত্বপূৰ্ণ মুখ্য গন্তব্যস্থানসমূহক সংযোগ কৰি চলাচল কৰিব। এই উৎসৱ বিশেষ ৰে’লসমূহৰ পৰিচালনে নিয়মীয়া ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব আৰু এনেদৰে নিৰ্ধাৰিত যাত্ৰাৰ সময়ত তেওঁলোকৰ সুবিধা বৃদ্ধি কৰিব। 

সেই অনুসৰি, উৎসৱ বিশেষ ৰে’ল নং ০৪৬৪০ (শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা-কাটিহাৰ) ১৫ নৱেম্বৰ, ২০২৩ তাৰিখে শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ পৰা এটা ট্ৰিপৰ বাবে চলাচল কৰিব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৪৬৩৯ (কাটিহাৰ-শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা) ১৭ নৱেম্বৰ, ২০২৩ তাৰিখে কাটিহাৰৰ পৰা ইয়াৰ গন্তব্যস্থান শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাত উপস্থিত হোৱাৰ বাবে এটা ট্ৰিপৰ বাবে চলিব। উৎসৱ বিশেষ ৰে’ল নং ০৯৭৪১ (জয়পুৰ-যোগবানী) আৰু ০৯৭৪২ (যোগবানী-জয়পুৰ) ক্ৰমে ১৬ নৱেম্বৰ আৰু ২০ নৱেম্বৰ, ২০২৩ তাৰিখে ইয়াৰ নিৰ্ধাৰিত গন্তব্যস্থানত উপনীত হ’বলৈ উভয় দিশত এটা ট্ৰিপৰ বাবে চলাচল কৰিব।

উৎসৱ বিশেষ ৰে’ল নং ০৫৯৮০ (নিউ তিনিচুকীয়া-গোৰখপুৰ) ১৬ নৱেম্বৰ, ২০২৩ তাৰিখে নিউ তিনিচুকীয়াৰ পৰা এটা ট্ৰিপৰ বাবে চলিব। উভতনি যাত্ৰাৰ দিশত, গোৰখপুৰৰ পৰা ১৭ নৱেম্বৰ, ২০২৩ তাৰিখে ৰে’ল নং ০৫৯৭৯ (গোৰখপুৰ-নিউ তিনিচুকীয়া) এটা ট্ৰিপৰ বাবে চলিব। উৎসৱ বিশেষ ৰে’ল নং ০৭৫৬৫/০৭৫৬৬ (কাটিহাৰ-মণিহাৰী-কাটিহাৰ) ৰে’লখন ১৫ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰ, ২০২৩ লৈ সাতটা ট্ৰিপৰ বাবে উভয় দিশত ইয়াৰ নিজ নিজ গন্তব্যস্থানত উপস্থিত হ’বলৈ চলাচল কৰিব।

একেদৰে, উৎসৱ বিশেষ ৰে’ল নং ০৭৫৬৩/০৭৫৬৪ (কাটিহাৰ-যোগবানী-কাটিহাৰ) ১৪ নৱেম্বৰৰ পৰা সাতটা ট্ৰিপৰ বাবে ইয়াৰ সেৱা আৰম্ভ কৰি ২০ নৱেম্বৰ, ২০২৩ লৈকে চলাচল কৰিব। উল্লেখ্য যে, পৰিয়াল আৰু বন্ধু বৰ্গৰ সৈতে উৎসৱ উদযাপনৰ লক্ষ্যে বিভিন্ন গন্তব্যস্থানলৈ যাত্ৰা কৰোতে যিসমূহ মুখ্য আৰু গুৰুত্বপূৰ্ণ ষ্টেচনত ৰে’লযাত্ৰীসকলৰ বিশাল সমাগমৰ অনুমান কৰা হৈছিল, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সেই ষ্টেচন সমূহত ব্যাপক ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে সবিশেষ বিৱৰণ অৱলোকন কৰাৰ বাবে ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।