আজিজ আলী

মুকালমুৱা : বিজেপি চৰকাৰ গ’ বেক ধ্বনিৰে উত্তাল নলবাৰী জিলাৰ মুকালমুৱা। মুকালমুৱাত মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই মুকালমুৱাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে৷ নলবাৰী জিলা ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীৰ মৰ্মে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰে বৰক্ষেত্ৰীৰ মুকালমুৱা৷ মুকালমুৱাস্থিত ৰাজহুৱা সভাগৃহৰ সন্মুখত ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে এই ধৰ্মঘট কাৰ্যসূচী।

প্ৰতিবাদকাৰী ছাত্ৰ সন্থাৰ কৰ্মকর্তা সকলে অসম চৰকাৰ হায়, হায়, বিজেপি চৰকাৰ গ’ বেক, যোগানমন্ত্ৰী মুৰ্দাবাদ, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰৰ হায়, হায় ইত্যাদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে৷ কাৰ্যসূচীত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰবেন পাটোৱাৰী, সম্পাদক মনোৱাৰ হুছেইন, উপদেষ্টা সুৰজিৎ পাঠক, জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা, শিক্ষা সম্পাদক মানস বৰ্মন, বিত্ত সম্পাদক হীৰকজ্যোতি শৰ্মাসহ দুই কুৰি ছাত্ৰ কৰ্মী উপস্থিত থাকে৷