নিউজ ডেস্ক, ২৮ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুৰ্কংচেলেক-পাছিঘাট ৰে’লপথ (Railway track) প্ৰকল্প হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ৰে’ল সংযোগ বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰায় ১,২৫২.৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান ২৬.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৱে উল্লেখযোগ্য অগ্ৰগতিৰ লগতে ৩১ মাৰ্চ, ২০২৫ তাৰিখলৈকে ৪৫ শতাংশ বাস্তৱিক প্ৰগতি লাভ কৰিছে। প্ৰকল্পটো দুটা পৰ্যায়ত (প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়) সম্পাদন কৰা হৈ আছে।
প্ৰথম পৰ্যায়ত (মুৰ্কংচেলেক-চিলে, ১৫.৬০ কিমি), ১৪.১৬ লাখ কিউবিক মিটাৰৰ ভিতৰত ১৩.৭৫ লাখ কিউবিক মিটাৰ কাম সম্পাদনৰ সৈতে আৰ্থৱৰ্ক প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আছে। লগতে, ১৮ খন বৃহৎ সেতু আৰু ৩৫ খন সৰু সেতুৰ চাব ষ্ট্ৰাকচাৰ আৰু চুপাৰষ্ট্ৰাকচাৰৰ কাম নিৰ্মাণাধীন অৱস্থাত থকাৰ লগতে দ্ৰুত গতিত আগবাঢ়িছে আৰু সোনকালেই সম্পূৰ্ণ হ’ব। বেলাষ্টৰ যোগান আৰু ট্ৰেক লিংকিং সোনকালেই আৰম্ভ হ’ব। মুৰ্কংচেলেক ষ্টেচন ভৱনৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সোনকালেই ই সম্পূৰ্ণ হোৱাৰ পথত।
দ্বিতীয় পৰ্যায়ত (চিলে-পাছিঘাট শাখা, ১০.৫৫ কিমি), মুঠ ৬.৮৫ লাখ কিউবিক মিটাৰৰ প্ৰয়োজনীয়তাৰ ভিতৰত ৩.৫৫ লাখ কিউবিক মিটাৰ মাটিৰ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। সেতু নিৰ্মাণ আৰু কাষ্টিঙৰ কাম চলি আছে, আনহাতে স্থানীয় কৰ্তৃপক্ষৰ সৈতে অবিৰত সমন্বয়ৰ জৰিয়তে পাছিঘাট য়াৰ্ডৰ ৰোড অভাৰ ব্ৰীজৰ বাবে ভূমি অধিগ্ৰহণ ত্বৰান্বিত কৰা হৈছে।
বৰ্ধিত বাৰিষাৰ পৰিপ্ৰেক্ষিতত আৰু স্থানীয় অৱৰোধ স্বত্বেও, নিৰ্মাণ কাৰ্যই গতিশীলতা বজাই ৰাখিছে। উত্তৰ পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধকে শেহতীয়াকৈ নিৰ্মাণাধীন কামসমূহ নিৰীক্ষণ কৰে আৰু বিষয়াবৰ্গক ইয়াৰ গতিশীলতা আৰু মানদণ্ড বজাই ৰাখিবলৈ আৰু প্ৰকল্পটো সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
মুৰ্কংচেলেক-পাছিঘাট নতুন ৰে’লপথে আঞ্চলিক অৰ্থনীতিৰ বিকাশত সহায় কৰিব, পৰ্যটনৰ প্ৰসাৰ কৰাৰ লগতে দূৰৱৰ্তী সীমান্ত অঞ্চলসমূহলৈ প্ৰৱেশযোগ্যতা উন্নত কৰি ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। ভাৰতীয় ৰে’লৱেই, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জৰিয়তে, প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট উভয়ৰে প্ৰত্যাহ্বান অতিক্ৰম কৰি এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পটো অতি সোনকালে আৰু গুণগত মানৰ সৈতে সম্পাদন কৰাৰ বাবে সমৰ্পিত হৈ আছে।