গুৱাহাটী, ২৪ ছেপ্টেম্বৰ, ২০২৪ : মুছলিম ছাত্ৰ সন্থা, অসম “মুছা” এটি সজাতি দলে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক (DGP) সাক্ষ্যৎ কৰে। মুছলিম ছাত্ৰ সন্থা, অসম চমুকৈ মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় যে, অসমৰ সংখ্যালঘু লোকসকল বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকল পূৰ্বৰে পৰাই বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আৰু জৰ্জৰিত লোক। বিগত সময়ছোৱাত কোনো এখন চৰকাৰেও এই সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক তথা সৰ্ব্বাংগীন উন্নয়নৰ ক্ষেত্ৰত পৰ্য্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

পিছপৰা সংখ্যালঘু মুছলমান সম্প্ৰদায়টোক লৈ প্ৰতিটো ৰাজনৈতিক দলেই মাথোঁ নিজ স্বাৰ্থ সিদ্ধি লাভৰ বাবদ ভয়-শংকা দেখুৱাই কেৱল বিভাজনমূখী ৰাজনীতি কৰি আহিছে বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানীয়ে। শেহতীয়াকৈ এই পিছপৰা সম্প্ৰদায়টোৰ বৰ্তমাান ৰাজ্য চৰকাৰখনৰ জড়িয়তে অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে সৰ্ব্বাংগীন উন্নয়ন হ’ব বুলি আমি আন্তৰিকভাৱে আশাঁ কৰিছিলোঁ। কিন্ত দূৰ্ভাগ্যজনক বিষয় এই যে, উন্নয়নৰ পৰিৱৰ্তে একাংশ সংখ্যালঘু লোকক বৰ্তমান শোষণ, বঞ্চনা আৰু দুদিন পিছে পিছে বিশেষ সম্প্ৰদায় বুলি কৈ মানসিক, শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন আৰু অত্যাচাৰ কৰা হৈছে বুলি মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয়।

আজি মুছলিম ছাত্ৰ সন্থা অসমৰ তৰফৰ পৰা ৬ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা কৰ্মসূত্ৰে পেটৰ তাড়নাত কাম কৰিবলৈ যোৱা লোকসকলৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা, উজনি অসমৰ পৰা মিঞা খেদাৰ নামত যিসকলে আইন হাতত তুলি লৈছে তেওঁলোকক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্ষণকাণ্ড সংগঠিত কৰা ধৰ্ষণকাৰীক আইনী প্ৰক্ৰিয়াৰ জড়িয়তে শাস্তি প্ৰদান কৰা, ৰাজ্যৰ মুছলমান অধ্যূষিত অঞ্চলসমূহত ড্ৰাগছ, মদৰ ব্যৱসায় কৰা ব্যক্তিসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা, সীমান্ত আৰক্ষীৰ জৰিয়তে যিসকল ব্যক্তিক সন্দেহযুক্ত নাগৰিক হিচাপে জাননী প্ৰেৰণ কৰিছে তেওঁলোকৰ নথি পত্ৰসমূহত সামান্য বানান ভুলৰ বাবে নথিসমূহ বাতিল নকৰি গ্ৰহণৰ ব্যৱস্থা কৰিব লাগে লগতে অপৰাধীৰ কোনো জাতি নাই ধৰ্ম নাই। অপৰাধীক ধৰ্মৰ বিত্তিত চিনাক্ত নকৰি অপৰাধী হিচাপে গ্ৰহণ কৰি আইনী ব্যৱস্থা গ্ৰহণ বুলি মুছলিম ছাত্ৰ সন্থা অসমৰ তৰফৰ পৰা দাবী জনায়।

আলোচনাৰ অন্তত আৰক্ষী সঞ্চালক প্ৰধানে গোটেই বিষয়বস্তু গুৰুত্ব সহকাৰে লয়। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসমৰ শান্তি শৃংখলা বজাই ৰাখি অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত লোকসকলক নিৰাপত্তা প্ৰদানৰ আশ্বাস দিয়ে মুছাৰ প্ৰতিনিধি দলটিক। মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে শংকৰ-আজানৰ দেশত বসবাস কৰা ভাৰতীয় লোকসকৰ মৌলিক অধিকাৰ খৰ্ব কৰি যিসকলে আইন হাতত তুলি লৈছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কঠোৰ পদক্ষেপ লবলৈ দাবী জনায়। আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষ্যৎ কৰাৰ সময়ত সংগ দিয়ে মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, শিক্ষা সম্পাদক ছাইফুদ্দিন আহমেদে।