গুৱাহাটী, ৩ মে’, ২০২৬ : ৰেকেট ক্ৰীড়াৰ (Sports) আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গুৱাহাটীৰ নাজনীন ৰহমানে। পিটিআৰ ইণ্ডিয়াই অত্যন্ত গৌৰৱেৰে ঘোষণা কৰিছে অসম পিকলবল সন্থাৰ সম্পাদিকা তথা পি পি আৰ ক্লিনিচিয়ান নাজনীন ৰহমানৰ এক বিৰল সাফল্যৰ খবৰ।
উল্লেখ্য যে, নাজনীন ৰহমানে সমগ্ৰ বিশ্বৰ ভিতৰত নিৰ্বাচিত মাত্ৰ ২০ গৰাকী মহিলাৰ অন্যতম হিচাপে উদ্বোধনী উইমেন হু ৰেলী লিডাৰশ্বিপ কোহৰ্টত অংশ ল’ব। ৰেকেট ক্ৰীড়াৰ প্ৰশিক্ষণ শৈলীত মহিলাসকলক সবলীকৰণ আৰু এক মৰ্যাদাপূৰ্ণ স্থানলৈ উন্নীত কৰাৰ লক্ষ্যৰে ১০ মাহজোৰা এই বিশেষ উন্নয়নমূলক কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে।
প্ৰফেচনেল টেনিছ ৰেজিষ্ট্ৰী (পিটিআৰ) আৰু প্ৰফেচনেল পিকলবল ৰেজিষ্ট্ৰী (পিপিআৰ)ৰ যৌথ উদ্যোগত আৰম্ভ হোৱা ‘উইমেন হু ৰেলী’ হৈছে এক শক্তিশালী বৈশ্বিক পদক্ষেপ। ৰেকেট ক্ৰীড়াৰ সৈতে জড়িত নতুন প্ৰজন্মৰ মহিলা প্ৰশিক্ষকসকলৰ নেতৃত্ব বিকাশ কৰাৰ লগতে তেওঁলোকৰ মাজত এক নিবিড় সংযোগ স্থাপন কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য।
ইয়াৰ উপৰি মহিলা প্ৰশিক্ষকসকলক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাত বিশেষ গুৰুত্ব দিছে এই কাৰ্যসূচীয়ে। মন কৰিবলগীয়া যে, অত্যন্ত প্ৰতিযোগিতামূলক এক আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্তত নাজনীন ৰহমানক তেওঁৰ বলিষ্ঠ নেতৃত্বৰ সম্ভাৱনীয়তা, আনক গঢ়ি তোলাৰ প্ৰতি থকা দায়বদ্ধতা আৰু ক্ৰীড়াৰ প্ৰসাৰৰ তীব্ৰ হেঁপাহৰ বাবে নিৰ্বাচিত কৰা হৈছে।
সমগ্ৰ বিশ্বৰ টেনিছ, পিকলবল আৰু ৰেকেট ক্ৰীড়াৰ ভৱিষ্যতক সক্ৰিয়ভাৱে নতুন ৰূপ দি থকা এদল বৈচিত্ৰ্যময় তথা গতিশীল মহিলাক প্ৰতিনিধিত্ব কৰিছে এই কোহৰ্টে। এই বিশেষ ক্ষণত নাজনীন ৰহমানে কয়, “উইমেন হু ৰেলী কোহৰ্টৰ বাবে নিৰ্বাচিত হোৱাটো একেলগে এক সন্মান আৰু এক দায়িত্ব।
এই কাৰ্যসূচীয়ে সমগ্ৰ বিশ্বৰ প্ৰেৰণাদায়ক মহিলা নেত্ৰীসকলৰ সৈতে একেলগে শিক্ষা গ্ৰহণ, বিকাশ আৰু সহযোগিতা বৃদ্ধিৰ এক শক্তিশালী সুযোগক প্ৰতিনিধিত্ব কৰিছে। মই এই শিক্ষাসমূহ পুনৰ ভাৰতলৈ কঢ়িয়াই আনিবলৈ আৰু বিশেষকৈ অধিক সংখ্যক মহিলাক নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি পিকলবল তথা ৰেকেট ক্ৰীড়াৰ ধাৰাবাহিক বিকাশত অৰিহণা যোগাবলৈ উৎসাহিত হৈছোঁ।”
