অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰঃ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক জিলিকিবলৈ সক্ষম হ’ল অসম জীয়ৰী প্ৰিয়ংকা নায়কে৷ শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এনচিচিৰ আন্তঃৰাষ্ট্ৰীয় কেডেট বিনিময়ত অনুষ্ঠানলৈ আমন্ত্ৰন লাভ কৰিছে কামৰূপৰ হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিঙিমাৰীৰ প্ৰিয়ংকা নায়কে৷ ভাৰতৰ ১২জনীয়া প্ৰতিনিধিৰ দলটোত প্ৰিয়ংকা উত্তৰ পূৰ্বাঞ্চলৰ তথা এনইআৰ ডিটিইৰ একমাত্ৰ প্ৰতিনিধি৷ এই খবৰ লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ক্ৰিয়া মহলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ লোক৷ উল্লেখ্য যে, প্ৰিয়ংকা এয়াৰফৰ্চৰ অধিনস্থ 50 Assam Airsqn(flg) এনচিচিৰ কেডেট। প্ৰিয়ংকাই চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসত উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ কেডেট আৰু ৰাজস্হান যোধপুৰত অনুষ্ঠিত  সৰ্বভাৰতীয় বায়ুসৈনিক কেম্পত কামাণ্ডাৰ স্বীকৃতি লাভ কৰিছিল। প্ৰিয়ংকা শিঙিমাৰীৰ উত্তম কুমাৰ নায়ক আৰু সৰলা নায়কৰ দ্বিতীয় কন্যা৷