নিউজ ডেস্ক, ৯ মাৰ্চ, ২০২৫ : শ্বিলংৰ সমৰ্থকক জয়ৰ আনন্দ দিয়াৰ লক্ষ্যৰে চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) অন্তিমখন লীগ মেচত অৱতীৰ্ণ হোৱা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে শনিবাৰে অনুৰাগীৰ প্ৰত্যাশা পূৰ্ণ কৰিবলৈ সক্ষম হ’ল৷ শ্বিলংৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা মেচত নৰ্থ ইষ্ট ইউনাইটেডে ৪-০ গ’লত পৰাস্ত কৰে ইষ্ট বেংগল এফ চিক৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে ইতিমধ্যে প্লে-অফত স্থান নিশ্চিত কৰিছে৷ অৱশ্যে প্লে-অফ মেচত দলৰ প্ৰতিদ্বন্দ্বী তথা মেচখন খেলিব লগা স্থান এতিয়াও নিশ্চিত হোৱা নাই৷
কিন্তু শ্বিলংত প্ৰথম জয়ৰ সফলতা লাভ কৰি এতিয়া দলে আত্মবিশ্বাসৰে প্লে-অফত খেলিব৷ আনহাতে, শ্বিলংত প্ৰথম গ’ল কৰাৰ সাফল্যও দলে লাভ কৰিলে৷ শনিবাৰে শ্বিলংত নৰ্থ ইষ্ট ইউনাইটেডে চলিত আই এছ এলৰ তৃতীয় মেচখন খেলিলে৷ ইয়াৰপূৰ্বে মুম্বাই চিটী আৰু বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলা উভয় মেচতে দলটো পৰাজয়ৰ সন্মুখীন হৈছিল৷ শনিবাৰেও খেলৰ প্ৰথমাৰ্ধত দলে গ’ল কৰিব পৰা নাছিল বিপক্ষৰ ৰক্ষণবিভাগৰ দৃঢ়তাৰ বাবে৷
কিন্তু দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে আক্ৰমণত চাৰিগৰাকী খেলুৱৈক আগুৱাই দিয়ে৷ খেলপথাৰত প্ৰৱেশ কৰে অসম সন্তান পাৰ্থিৱ গগৈয়ো৷ এই ৰণনীতিৰ সুফল নৰ্থ ইষ্ট ইউনাইটেডে খেলৰ ৫৯ মিনিটত পায়৷ টনডনবা সিঙৰ সহায়ত নেষ্টৰ আলবিয়াছে গ’ল কৰি দলক প্ৰথমে অগ্ৰগতি দিয়ে৷ ইয়াৰ পাছতে নৰ্থ ইষ্ট ইউনাইটেড ছন্দলৈ উভতি অহাৰ বিপৰীতে চাপত পৰে ইষ্ট বেংগল৷ ৬৬ মিনিটত গুৱাহাটীৰ দলটোৰ মৰক্কোৰ ষ্ট্ৰাইকাৰ আলাউদ্দিন আজাৰায়ে দৰ্শনীয় গ’ল কৰি নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি ২-০ কৰে৷
৭৯ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডে লাভ কৰা পেনাল্টিক গ’লৰ ৰূপ দিয়ে আজাৰায়ে৷ এয়া তেওঁৰ ২৩ নম্বৰ গ’ল৷ তিনিটা গ’ল হজম কৰাৰ পাছত ইষ্ট বেংগলে আন এক আঘাতৰ সন্মুখীন হয়৷ ৮৪ মিনিট তন্ময় দাসে দুখন হালধীয়া কাৰ্ড লাভ কৰি খেলপথাৰৰ পৰা বাহিৰ হ’ব লগা হয়৷ দহজনৰে খেলা ইষ্ট বেংগলক চতুৰ্থটো গ’ল দিয়ে খেলৰ ৮৬ মিনিটত মহম্মদ বেমামাৰে৷ অন্তিম মেচত জয়ৰে নৰ্থ ইষ্ট ইউনাইটেডে ২৪ খন মেচ খেলি ৩৮ পইণ্ট লাভ কৰিলে৷ দহখনত জয় তথা আঠখন ড্ৰ খেলা দলটোৰ বৰ্তমান পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ হ’ল৷