নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ, ২০২৬ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ ছেপ্টেম্বৰ তাৰিখে গুজৰাটৰ ভদোদৰাত ৩৫,০০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’লৱে (Rail) আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ইয়াৰ লগতে তেওঁ এখন নতুন যাত্ৰীবাহী ৰে’ল সেৱা আৰু চাৰিখন মালবাহী ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে। এই পদক্ষেপে ৰে’ল সংযোগৰ শক্তিশালীকৰণ, লজিষ্টিক দক্ষতা বৃদ্ধি কৰি আঞ্চলিক অৰ্থনৈতিক উন্নয়নক সহায় কৰাৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতিৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভদোদৰা-ৰতলাম তৃতীয় আৰু চতুৰ্থ ৰে’ললাইন, মিয়াগাম কৰজান-চোৰাণ্ডা-মালছৰ গজ ৰূপান্তৰ আৰু বিশ্বামিত্ৰী-ডাভয় দ্বৈতকৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে ৰে’ল পৰিবহণৰ ক্ষমতা অধিক বৃদ্ধি কৰাৰ লগতে পৰিচালন দক্ষতা উন্নত কৰি সমগ্ৰ অঞ্চলটোৰ ৰে’ল সংযোগ অধিক শক্তিশালী কৰিব।
জোবাট-টাণ্ডা ৰোড নতুন ৰে’ললাইন উদ্বোধন কৰা হয়। ইয়াৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা অধিক উন্নত হোৱাৰ লগতে যাত্ৰী আৰু স্থানীয় জনসাধাৰণৰ বাবে ৰে’ল সংযোগ অধিক সহজ হৈ উঠিব। নতুন ৰে’ল সংযোগে সুগম যাতায়াত নিশ্চিত কৰাৰ লগতে স্থানীয় অঞ্চলসমূহক বিস্তৃত ৰে’ল নেটৱৰ্কৰ সৈতে অধিক সুদৃঢ়ভাৱে সংযুক্ত কৰাত সহায় কৰিব। এই কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ সফলতা হৈছে ডেডিটেকেট ফ্ৰেইট কৰিডৰ (ডিএফচি) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা। প্ৰধানমন্ত্ৰীয়ে ডিএফচিক “দ্ৰুতগতিত বিকশিত ভাৰতৰ জীৱনৰেখা” বুলি অভিহিত কৰি দ্ৰুত, অধিক দক্ষ আৰু নিৰ্ভৰযোগ্য মালবাহী ৰে’লৰ পৰিবহণ নিশ্চিত কৰাৰ দিশত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। ২,৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডিএফচিয়ে উৎপাদন প্ৰতিষ্ঠান, ঔদ্যোগিক কেন্দ্ৰ, বন্দৰ আৰু বজাৰৰ মাজত সামগ্ৰী পৰিবহণৰ বাবে উচ্চ ক্ষমতাসম্পন্ন ৰে’লৱে আন্তঃগাঁথনি প্ৰদান কৰি ৰাষ্ট্ৰীয় লজিষ্টিক নেটৱৰ্ক অধিক শক্তিশালী কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিদিনে ৪৩০খনতকৈও অধিক মালবাহী ৰে’ল চলাচল কৰিবলৈ সক্ষম হৈছে। ফলত সামগ্ৰী পৰিবহণৰ সময় যথেষ্ট হ্ৰাস হোৱাৰ লগতে ইন্ধনৰ দক্ষতা, মালবস্তু সৰবৰাহত প্ৰদৰ্শন আৰু ৰে’লভিত্তিক মালবাহী পৰিবহণৰ সামগ্ৰিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি হৈছে।
প্ৰধানমন্ত্ৰীয়ে নতুন টাণ্ডা ৰোড-ভদোদৰা (প্ৰতাপনগৰ) যাত্ৰীবাহী ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে। ইয়াৰ ফলত যাত্ৰীসকলৰ বাবে ৰে’ল সংযোগ অধিক উন্নত হোৱাৰ লগতে অধিক সুবিধাজনক ভ্ৰমণৰ সুযোগ সৃষ্টি হ’ব। এই নতুন সেৱাটোৱে পূৰ্বতে পৰ্যাপ্ত ৰে’ল সেৱাৰ পৰা বঞ্চিত অঞ্চলসমূহৰ জনসাধাৰণৰ বাবে ৰে’ল পৰিবহনৰ সুবিধা উন্নত কৰাতো সহায় কৰিব। ইয়াৰ উপৰি, ৱেষ্টাৰ্ণ ডিডেকেটেড ফ্ৰেইট কৰিডৰৰ চাৰিখন মালবাহী ৰে’ল সেৱাৰ শুভাৰম্ভ কৰা হয়। এই ৰে’লসমূহ নিউ সানন্দ, নিউ মকৰপুৰা, নিউ উম্বেৰগাঁও আৰু নিউ জৱাহৰলাল নেহেৰু পোৰ্ট টাৰ্মিনেল, মুম্বাইৰ পৰা চলাচল কৰিব। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ ঔদ্যোগিক, লজিষ্টিক আৰু বন্দৰ কেন্দ্ৰসমূহৰ মাজত মালবাহী ৰে’ল সংযোগ অধিক শক্তিশালী হৈ উঠিব। ডিএফচিয়ে কৃষিজাত সামগ্ৰী আৰু অন্যান্য সময়-সংবেদনশীল সামগ্ৰী বৃহৎ বজাৰসমূহলৈ দ্ৰুতগতিত পৰিবহণ কৰাতো সহায় কৰিছে। ইয়াৰ লগতে ডাবল-ষ্টেক কণ্টেইনাৰ ৰে’লকে ধৰি উচ্চ ক্ষমতাসম্পন্ন ৰে’ল পৰিচালনে ৰে’ল পৰিবহণৰ দক্ষতা আৰু বহন ক্ষমতা বৃদ্ধি কৰিছে। জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণৰ পৰা ভদোদৰালৈ চলোৱা এখন ডাবল-ষ্টেক কণ্টেইনাৰ মালবাহী ৰে’লে ২৫০ খনতকৈও অধিক ট্ৰাকৰ সমতুল্য সামগ্ৰী পৰিবহণ কৰে। ইয়েই ৰে’লভিত্তিক মালবাহী পৰিবহণৰ উল্লেখযোগ্য বহন ক্ষমতা আৰু দক্ষতাক প্ৰতিফলিত পৰিছে।
প্ৰধানমন্ত্ৰীয়ে ৰে’ল নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সক্ষমতাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ২০১৪ বৰ্ষৰ পৰাই দেশত প্ৰায় ৫০,০০০ টা আধুনিক ডবা নিৰ্মাণ কৰা হৈছে আৰু ৰে’ল নেটৱৰ্কত প্ৰায় ২.৫ লাখ ৱাগন সংযোজন কৰা হৈছে। ৰে’লৱে কোচ, মেট্ৰ’ কোচ আৰু লোকোমোটিভৰ দেশীয় নিৰ্মাণ ব্যৱস্থা সম্প্ৰসাৰিত হোৱাৰ ফলত আত্মনিৰ্ভৰশীলতা অধিক শক্তিশালী হোৱাৰ লগতে জীৱিকা, উদ্যোগ আৰু উদ্ভাৱনৰ দিশত নতুন সুযোগ সৃষ্টি হৈছে। এই উন্নয়নসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সংযোগ উন্নতকৰণ, যাত্ৰী আৰু মালবাহী ৰে’লৰ সেৱা অধিক শক্তিশালীকৰণ, পৰিচালনগত দক্ষতা বৃদ্ধি কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক-অৰ্থনৈতিক উন্নয়নত সহায় কৰাৰ অবিৰত প্ৰচেষ্টাকে অধিক শক্তিশালী কৰি তুলিছে। মঙলবাৰে আৰম্ভ কৰা প্ৰকল্প আৰু ৰে’ল সেৱাসমূহে ভাৰতীয় ৰে’লৱেৰ আধুনিকীকৰণ, ৰে’ল সংযোগৰ সম্প্ৰসাৰণ, মালবাহী লজিষ্টিক ব্যৱস্থা শক্তিশালীকৰণ আৰু যাত্ৰীবাহী সেৱাৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ গুৰুত্বকে পুনৰ নিশ্চিত কৰিছে। ইয়াৰ ফলত উন্নত যাতায়াত ব্যৱস্থা, অধিক পৰিচালনগত দক্ষতা, যোগানৰ শক্তিশালী আৰু দ্ৰুত অৰ্থনৈতিক বিকাশত সহায়ক হ’ব। এই পদক্ষেপসমূহে ২০৪৭ চনৰ ভিতৰত এখন আধুনিক, ভৱিষ্যৎ-প্ৰস্তুত ৰে’ল নেটৱৰ্ক আৰু বিকশিত ভাৰতৰ দৃষ্টিভঙ্গীক বাস্তৱায়নৰ দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।
