নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’লৰ যাত্ৰা (Rail Journey) অধিক নিৰাপদ আৰু সুৰক্ষিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ দিশত, ট্ৰেক চিগনেলিং প্ৰণালী উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে কাৰিকৰীভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। দুৰ্ঘটনা আদিৰ দৰে ঘটনা পৰিহাৰ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পাঁচোটা মণ্ডলতে অৰ্থাৎ তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰত এই প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেই নিয়মীয়াকৈ চিগনেলিং প্ৰণালীত কেইবাটাও স্বয়ংক্ৰিয় পৰীক্ষা কৰে যাৰ দ্বাৰা মানৱীয় ত্ৰুটিবোৰ পৰীক্ষা কৰা হয় আৰু তাক আঁতৰ কৰা হয়। ইয়াৰ উপৰিও, যেতিয়া আৰু য’তেই প্ৰয়োজন হয় চিগনেলিং ব্যৱস্থাপ্ৰণালীত আপগ্ৰেডেশনৰ সৈতে প্ৰতিস্থাপন আৰু নতুন স্থাপন কৰা হয়। ভাৰতীয় ৰে’লৱেৰ এই পদক্ষেপৰ অংশ হিচাপে, উত্তৰ পূব সীমান্ত ৰে’লৱেই কেইবাটাও মণ্ডল ষ্টেচন আৰু খণ্ডত বিভিন্ন চিগনেলিং আধুনিকীকৰণ প্ৰণালী সম্পন্ন কৰিছিল।

লংকা ষ্টেচনত ইলেক্ট্ৰনিক ইণ্টাৰলকিং/পেনেল ইণ্টাৰলকিংৰ “চিষ্টেম ইণ্টাৰলকিং পৰীক্ষা” সম্পন্ন কৰা হয় আৰু ৪৭৫৯।টা পৰিকল্পিত অংকনৰ ভিতৰত, লজিক ইণ্টাৰফেচ, কেবল ৰুট প্লেন, কেবল টাৰ্মিনেচন চাৰ্ট, ট্ৰেক বণ্ডিং প্লেন আদিৰ সৈতে সম্পৰ্কিত ৪৬২৮।খন অংকত চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে সম্পূৰ্ণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই তিনিচুকীয়া মণ্ডলৰ অধীনৰ তিতাবৰ, ফৰকাটিং আৰু পানীতোলা ৰে’ল ষ্টেচনত ৩.২৬০ কিলোমিটাৰ চিগনেলিং কেবল সলনি কৰাৰ লগতে লামডিং মণ্ডলৰ অধীনৰ ছাব্ৰুম, গুৱাহাটী আৰু নাৰেংগী ষ্টেচনত ২.০৬ কিলোমিটাৰ নতুন চিগনেলিং কেবল স্থাপনৰ কামো কৰে।

চিগনেল এল ই ডি ছয়টা ষ্টেচনত ইণ্টিগ্ৰেটেড টাইপ এলইডিৰ সৈতে সলনি কৰা হয় অৰ্থাৎ লামডিং মণ্ডলৰ নিউ কৰিমগঞ্জ, কৰিমগঞ্জ, ধৰ্মনগৰ, ৰঙিয়া মণ্ডলৰ নলবাৰী আৰু কাটিহাৰ মণ্ডলৰ ৰায়গঞ্জ আৰু কালিয়াগঞ্জ ষ্টেচন। লামডিং মণ্ডলৰ অধীনত কৰিমগঞ্জ-মহিষাসন  খণ্ডৰ মাজত ইউ.এফ.এছ.বি.আই আৰম্ভ কৰাৰ সন্দৰ্ভত কৰিমগঞ্জ আৰু নিউ কৰিমগঞ্জ ষ্টেচনত ইলেক্ট্ৰনিক ইণ্টাৰলকিঙত পৰিৱৰ্তন কৰা হয়।

ৰে’লৱে চিগনেলিং প্ৰণালীয়ে ৰে’লৰ সুৰক্ষিত পৰিচালনা নিশ্চিত কৰে আৰু সেইবোৰৰ নিৰ্ভৰযোগ্যতা আৰু ৰক্ষণাবেক্ষণে ৰে’ল সংযোগৰ ক্ষমতা আৰু উপলব্ধতাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। চিগনেলিং মানে হৈছে ৰে’লৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ আৰু চালক আৰু অপাৰেটৰসকলক তথ্য প্ৰদান কৰিবলৈ সংকেত ব্যৱহৃত যোগাযোগ প্ৰণালী। ইয়াৰ বিপৰীতে, ইণ্টাৰলকিং হৈছে এক প্ৰণালী যিয়ে সংকেত, চুইচ আৰু অন্যান্য সঁজুলিৰ পদ্ধতিগত কাৰ্য্যকলাপৰ সমন্বয় সাধন কৰি সংঘাতপূৰ্ণ গতিবিধি প্ৰতিহত কৰে আৰু ৰেলৰ সুৰক্ষিত চলাচল নিশ্চিত কৰে।