নিউজ ডেস্ক, ৬ মে, ২০২৬ : উত্তৰ-পূব সীমান্ত (NF Railway) ৰে’লৱেই এপ্ৰিল ২০২৬ মাহৰ সময়ছোৱাত মালবাহী ৰে’লৰ পৰিবহনত এক উল্লেখনীয় প্ৰদৰ্শন অব্যাহত ৰাখি মালবস্তুৰ আনলোডিঙত এক অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছে। উক্ত মাহৰ সময়ছোৱাত এই জ’নত ১১৩৫ খন মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হয়, যি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে এক স্থিতিশীল সূচনাৰ ইঙ্গিত বহন কৰিছে।

সমগ্ৰ মাহটোত উত্তৰ-পূব সীমান্ত ৰে’লৱেই খাদ্যশস্য, মানসম্পন্ন খাদ্য সামগ্ৰী, সাৰ, চিমেন্ট, এছএনটিপি কয়লা, নিমখ, টেঙ্ক আৰু অন্যান্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় আৰু ঔদ্যোগিক সামগ্ৰীৰ সুগম পৰিবহণ নিশ্চিত কৰি এই সামগ্ৰীসমূহ সংশ্লিষ্ট এলেকাৰ বিভিন্ন গুডছ শ্বেডত উপযুক্তভাৱে আনলোড কৰিছে, পৰিণামস্বৰূপে সময়মতে যোগান আৰু পৰিবহন ক্ষমতাৰ নিৰ্ভৰযোগ্যতাক নিশ্চিত কৰি তুলিছে। এই সময়ছোৱাত মালবাহী পৰিবহণৰ এক বৃহৎ অংশ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে উৎসৰ্গিত আছিল।

অসমত ৫৯৩ খন ৰেক আনলোড কৰা হয়, যাৰ ভিতৰত ৩১৭ খন ৰেকে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰে, যি ৰে’লৱেৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু দৈনিক উপভোক্তাৰ প্ৰয়োজনীয়তাক পূৰণ কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাকে প্ৰতিফলিত কৰিছে। একেই সময়তে ত্ৰিপুৰাত ৯৯ খন ৰেক, নাগালেণ্ডত ৩২ খন, অৰুণাচল প্ৰদেশত ২০ খন, মণিপুৰত ১৪ খন আৰু মিজোৰামত ৮ খন ৰেক আনলোড কৰা হয়। ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অন্তৰ্গত পশ্চিমবঙ্গত ২০৩ খন ৰেক আৰু বিহাৰত ১৬৬ খন ৰেক আনলোড কৰি অত্যাৱশ্যকীয় আৰু আৱশ্যকীয় উভয় ধৰণৰ সামগ্ৰীৰ আনলোডিং অন্তৰ্ভুক্তিৰে এক অভিলেখ গঢ়ি তোলে, যি আভ্যন্তৰীণ যোগানৰ আঞ্চলিক ধাৰাবাহিকতাকে অধিক শক্তিশালী কৰি তুলিছে।

অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔদ্যোগিক সামগ্ৰীৰ পৰিবহণে অঞ্চলটোত সাধাৰণ ৰাইজৰ প্ৰয়োজনীয়তা পূৰণ আৰু অৰ্থনৈতিক গতিবিধিক সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিক পালন কৰিছে। ফিল্ড ইউনিটসমূহৰ অহৰহ পৰ্যবেক্ষণ আৰু সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই টাৰ্নএৰাউণ্ড সময় আৰু আনলোডিং দক্ষতা উন্নত কৰি মালবাহী ৰে’ল পৰিচালনৰ নিৰ্ভৰযোগ্যতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক বিকাশৰ প্ৰতি এই ৰেলৱেৰ দায়বদ্ধতাকে পুনৰ নিশ্চিত কৰিছে।