নিউজ ডেস্ক, ২০ মাৰ্চ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে মহিলা কল্যাণ সংস্থাই (NFRWWO) উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহিলা কৰ্মচাৰীসকলৰ অসাধাৰণ অৱদানক স্বীকৃতি আৰু উৎসাহিত কৰাৰ বাবে এক বিশাল সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই মৰ্যাদাপূৰ্ণ অনুষ্ঠানটো বুধবাৰে মালিগাঁৱৰ ৰং ভৱনত অনুষ্ঠিত হয় আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ বিভিন্ন মণ্ডলসমূহত কৰ্মৰত মহিলাসকলৰ নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু সফলতাক স্বীকৃতি প্ৰদান কৰাৰ অৰ্থে ৰে’লকৰ্মী, গণ্য মান্য ব্যক্তি আৰু বিশেষ অতিথিসকলক উপস্থিত থাকে।
“মহিলা সৱলীকৰণ, মানৱতাৰ সৱলীকৰণ” বিষয়বস্তুৰ অধীনত এই অনুষ্ঠানটোৱে ৰে’লৱে নেটৱৰ্কৰ অগ্ৰগতি আগবঢ়োৱাত, উদ্ভাৱনশীলতা বিকাশত আৰু কাৰ্যক্ষমতা নিশ্চিত কৰাত মহিলা কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰতিফলিত কৰিছিল। এই অনুষ্ঠানটোত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য অতিথি হিচাপে উপস্থিত আছিল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মহাপ্ৰৱন্ধকে ক্ৰীড়া, অভিযান্ত্ৰিক ৰক্ষণাবেক্ষণ, ৰে’ল পৰিচালন, স্বাস্থ্য সেৱা আদি ক্ষেত্ৰত সমৰ্পিতভাৱে কাম কৰি অহা সকলো মহিলা কৰ্মচাৰীক প্ৰশংসা কৰে৷ উত্তৰ পূব সীমান্ত ৰে’লৱেই বিভিন্ন ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ ওপৰত যথাযথ গুৰুত্ব আৰোপ কৰি আহিছে, মহাপ্ৰৱন্ধকে লগতে কয়৷
এনএফআৰডব্লিউডব্লিউঅ’ৰ সভানেত্ৰী শালিনী শ্ৰীবাস্তৱে সম্বৰ্ধনা অনুষ্ঠানত মহিলা কৰ্মচাৰীসকলক তেওঁলোকৰ নিষ্ঠা আৰু পেছাদাৰী কাৰ্যদক্ষতাৰ বাবে তেওঁলোকক সন্মানিত কৰে। তেওঁ মহিলাসকলৰ অৱদানৰ প্ৰশংসা কৰে আৰু সৱলীকৰণ, সম সুযোগ আৰু পেছাদাৰী বিকাশৰ প্ৰতি সংগঠনটোৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৮ মাৰ্চ, ২০২৫ তাৰিখে কোচবিহাৰ ৰে’ল ষ্টেচনক সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰা পৰিচালিত ষ্টেচন হিচাপে মনোনীত কৰি মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সুৰক্ষা বৃদ্ধি, মহিলা ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানৰ ১৫ টা ‘মেৰী চহেলি’ দল মোতায়েন আৰু ৪৬ টা ষ্টেচনত এতিয়া চিচিটিভি নিৰীক্ষণ ব্যৱস্থাৰে সজ্জিত কৰা হৈছে।
মহিলাসকলে প্ৰযুক্তিগত ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে, গুৱাহাটী কোচ মেইনটেইনেন্স ডিপোত সম্পূৰ্ণ মহিলাৰে পৰিচালিত কোচ মেইন্টেনেন্স টীম আৰু ডিব্ৰুগড় ৱৰ্কশ্বপত নমিতা সোণোৱাল আৰু আৰফিন আৰা বেগমৰ দৰে “এফ” লীগ টেকনিচিয়ানসকলে অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰৰ দিশত নৈপুণ্যতা অৰ্জন কৰিছে। এই প্ৰচেষ্টাসমূহে ৰে’লৱেত মহিলাৰ অন্তৰ্ভুক্তিকৰণ আৰু মহিলা নেতৃত্বৰ প্ৰতি উত্তৰ পূব সীমান্ত ৰে’লৱে প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহিলা কৰ্মচাৰীসকলে উপযুক্ত স্বীকৃতি লাভ কৰি আহিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ৰে’ল সংগ্ৰহালয়ত আৰডব্লিউডব্লিউচিঅ’ৰ সন্মানীয় সম্বৰ্ধনা অনুষ্ঠানত জ্যেষ্ঠ টেকনিচিয়ান নুপুৰ তাপদাৰক আন ৩২ গৰাকী উৎকৃষ্ট মহিলা ৰে’ল কৰ্মচাৰীৰ সৈতে একলগে সন্মানিত কৰা হয়।
এই সন্মানে ভাৰতীয় ৰে’লৱেৰ মহিলাসকলৰ বৰ্ধিত প্ৰভাৱৰ ওপৰত অৱলোকন কৰাৰ লগতে ইয়াৰ মহিলা কৰ্মশক্তিক সৱলীকৰণ কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অটল প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিত কৰিছে। মুঠ ৫৪,৮২৯ জন কৰ্মচাৰীৰ সৈতে, উত্তৰ পূব সীমান্ত ৰেলৱে গৌৰৱেৰে ৫,৪৮৩ গৰাকী মহিলাক নিযুক্তি প্ৰদান কৰিছে, যি মুঠ কৰ্মীসকলৰ ১০ শতাংশ। এই সংখ্যা নিৰন্তৰ বৃদ্ধি পাই আছে, কিয়নো অধিক সংখ্যক মহিলা ৰেলৱেৰ বিভিন্ন গুৰুত্বপূর্ণ ভূমিক লৈ আগবাঢ়ি আহিছে। এই মহিলা কৰ্মচাৰীসকলক সন্মানিত কৰাৰ জৰিয়তে, সংগঠনে ৰে’লৱে ব্যৱস্থাৰ সুচল পৰিচালনা আৰু সফলতাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰতিফলিত কৰিবলৈ লক্ষ্য ৰাখিছে। এই পদক্ষেপৰ জৰিয়তে, এনএফআৰডব্লিউডব্লিউঅ’য়ে এক সামগ্ৰিক আৰু সহায়ক কামকাজৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ইয়াৰ সমৰ্পণ পুনৰ নিশ্চিত কৰিছে, য’ত মহিলাসকলে সফলভাৱে উন্নতি সাধন, অৱদান আৰু নেতৃত্ব প্ৰদান কৰিব পাৰে।