নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ ঘটনাৰ সৈতে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) বিগত ১৩ ৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে এই সংমণ্ডলৰ ভিতৰত নিয়মীয়া অনুসন্ধান আৰু অভিযান চলাই থকাৰ সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰে।

বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই অনুসন্ধানৰ সময়ত গুৱাহাটী, ডিমাপুৰ, কিষাণগঞ্জ, কাটিহাৰ, আলিপুৰদুৱাৰ, নিউ জলপাইগুড়ী আদিত ৰে’ল আৰু ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ৭২.৫ হাজাৰ টকাৰ মূল্যৱান সামগ্ৰীও সফলতাৰে উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা মূল্যৱান সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা আটাইকেইজন ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

শেহতীয়াকৈ ১৬ ফেব্ৰুৱাৰীত আলিপুৰদুৱাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে আলিপুৰদুৱাৰৰ চিপিডিএছ আৰু চিআইবি টীমৰ সৈতে ৰে’ল নং ০২৫১৭ আপ (কলিকতা-গুৱাহাটী স্পেচিয়েল)ত তালাচীৰ সময়ত দুটা চুৰি হোৱা মোবাইল ফোনৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে। একেদিনাই গুৱাহাটীৰ চিআইবি টীমৰ সৈতে যুটীয়াভাৱে গুৱাহাটীৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমে গুৱাহাটী ৰে’ল ষ্টেচনত অনুসন্ধান চলাই প্ৰায় ১০ হাজাৰ টকা মূল্যৰ দুটা চুৰি মোবাইল ফোনসহ এজন লোকক গ্ৰেপ্তাৰ কৰে।

১৫ ফেব্ৰুৱাৰীত নিউ জলপাইগুড়ীৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ ৰে’ল এছক’ৰ্ট টীমে ৰে’ল নং ১৫৬৫৭ আপ (ব্ৰহ্মপুত্ৰ মেইল)ত এছকৰ্টিঙৰ সময়ত প্ৰায় ৯.৫ হাজাৰ টকাৰ দুটা চুৰি মোবাইল ফোনৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে। ১৪ ফেব্ৰুৱাৰীত কাটিহাৰ (পূব)ৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ টীম যুটীয়াভাৱে কাটিহাৰৰ চিপিডিএছ টীম আৰু জিআৰপিৰ সৈতে কাটিহাৰ ৰে’ল ষ্টেচনত অনুসন্ধান চলায় আৰু এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ৩ হাজাৰ টকা আৰু  চুৰি হোৱা মহিলাৰ পাৰ্চ এটা উদ্ধাৰ কৰে।

একেদিনাই কিষাণগঞ্জৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমৰ সৈতে যুটিয়াভাৱে নিউ জলপাইগুড়ীৰ চিআইবি টীমে কিষাণগঞ্জ ৰে’ল ষ্টেচনত যুটীয়াভাৱে অনুসন্ধান চলাই এজন লোকক গ্ৰেপ্তাৰ কৰে আৰু প্ৰায় ১৫ হাজাৰ টকাৰ এটা চুৰি মোবাইল ফোন উদ্ধাৰ কৰে। ১৩ ফেব্ৰুৱাৰীত ডিমাপুৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে ৰে’ল নং. ১৫৬৬৬ ডাউন (বিজি এক্সপ্ৰেছ)ত ডিমাপুৰ ৰে’ল ষ্টেচনত অনুসন্ধান চলায় আৰু এজন লোকক গ্ৰেপ্তাৰ কৰি প্ৰায় ১৫ হাজাৰ টকাৰ এটা চুৰি মোবাইল ফোন উদ্ধাৰ কৰে। 

চলিত বৰ্ষৰ জানুৱাৰী মাহত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত ৩০ জন লোকক গ্ৰেপ্তাৰ কৰে আৰু ৪০ টা মোবাইল, ১ টা লেপটপ আৰু নগদ ধন আদি উদ্ধাৰ কৰে, যিসমূহৰ সৰ্ব্বমুঠ মূল্য প্ৰায় ৬.৫২ লাখ টকা। উদ্ধাৰ হোৱা মূল্যৱান সামগ্ৰী সমূহৰ সৈতে গ্ৰেপ্তাৰ কৰা আটাইকেইজন ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীসকলক নিৰাপত্তা নিশ্চিত কৰাৰ কামৰ উপৰিও ৰে’ল ব্যৱহাৰকাৰীসকলক নিৰ্দেশনা আৰু সহায় আগবঢ়োৱাৰ বাবে সেৱা প্ৰদান কৰিবলৈ সদায় সাজু হৈ থাকে। ৰে’ল যাত্ৰীসকলে তেওঁলোকৰ ৰে’ল যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে ১৩৯ (টোল-ফ্ৰী) ডায়েল কৰিব পাৰিব।