নিউজ ডেস্ক, সংবাদ ৩৬৫, ৮ জুন : সকলোৰে মনত আছে ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ । প্ৰাকৃতিক পৰিবেশৰ মাজত থাকি ভাল পোৱা অভি-নীলৰ হত্যাকাণ্ডৰ আজি প্ৰায় এবছৰ সম্পূৰ্ণ হ’ল।
কাৰ্বি পাহাৰৰ ডকমকাত গণপ্ৰহাৰত প্ৰাণ গৈছিল দুয়োজনৰ ।
প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ মৃত্যুমুখত পৰিছিল দুয়োজন সুঠাম যুৱক। প্ৰকৃতি, নৈ আদি ভাল পোৱা অভি-নীল চিৰদিনৰ বাবে শুই পৰিছিল প্ৰকৃতিৰ বুকুতেই।
অতি নৃশংসভাৱে হত্যা কৰা হৈছিল নিলোৎপল আৰু অভিজিতক এজাক দানৱ সদৃশ মানুহে। হত্যা কৰি এক পিশাসিক আনন্দত উল্লাসিত হৈছিল মানুহজাক। উৰা বাতৰি, অন্ধবিশ্বাস আদিৰ বাবেই প্ৰাণ গৈছিল অভি-নীলৰ।
“মই অসমীয়া, মোক নামাৰিব ” এনেদৰে কৈ নিজৰ মাক দেউতাকৰ নাম কৈও সাৰি যাব পৰা নাছিল যুৱক দুজন।
অভি-নীলৰ সেই কৰুণ, ভয়াৱহ ঘটনাৰ , হত্যাকাণ্ডৰ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে যদিও অতি লেহেমীয়া গতিত চলি আছে সেই বিচাৰ প্ৰক্ৰিয়া। অভি-নীলৰ হত্যাকাণ্ডৰ আজি সম্পূৰ্ণভাৱে এবছৰ হৈ যোৱাৰ পাছতো বৰ্তমানলৈ এজনো দোষীয়ে নাপালে শাস্তি। যাৰ বাবে প্রত্যক্ষদৰ্শীয়েও সম্প্ৰতি ভাষ্য সলাবলৈ সুযোগ পাইছে।