গুৱাহাটী, ৭ ছেপ্টেম্বৰ, ২০২৪ : গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতা৷ বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া (বাই)ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসমৰ পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলে৷

পুৰুষ আৰু মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ উভয় দলে ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰে মেঘালয়ক৷ আনহাতে, জুনিয়ৰ ল’ৰাৰ কোৱাৰ্টাৰ ফাইনেলত অসমে ২-০ ৰ ব্যৱধানত নগালেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে ছোৱালী দলে একে ব্যৱধানত পৰাস্ত কৰে মেঘালয়ক৷ ইফালে, প্ৰতিযোগিতাৰ অন্য কোৱাৰ্টাৰ ফাইনেলত ছোৱালী শাখাত অৰুণাচলে ছিক্কিমক, মিজোৰামে ত্ৰিপুৰাক আৰু মণিপুৰে নাগালেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷

ল’ৰাৰ কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে ত্ৰিপুৰাক, মিজোৰামে মেঘালয়ক আৰু অৰুণাচলে ছিক্কিমক পৰাস্ত কৰে৷ ইফালে, পুৰুষৰ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে ছিক্কিমক, মিজোৰামে নাগালেণ্ডক আৰু অৰুণাচলে ত্ৰিপুৰাক পৰাস্ত কৰাৰ বিপৰীতে মহিলাৰ খেলত মণিপুৰে মিজোৰামক, নাগালেণ্ডে ছিক্কিমক আৰু অৰুণাচলে ত্ৰিপুৰাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷