গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুন : ২০১৭ চনৰ বিশাল সফলতাৰ পাছত ২য় নৰ্থ ইষ্ট ফুডটেক -২০১৯ অধিক বিশালতাৰে আয়োজন কৰিব লোৱা হৈছে। ১৩ৰ পৰা ১৬ জুনলৈ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হব ” নৰ্থ ইষ্ট ফুডটেক”। ফুডটেক ইণ্ডিয়া ই হোটেল এণ্ড ৰেস্তোৰাঁ এছ’চিয়েশ্যন অব আছামৰ সহযোগত অনুষ্ঠিত কৰা হব “নৰ্থ ইষ্ট ফুডটেক” ।
এই চাৰিদিনীয়া প্ৰদৰ্শনিত প্ৰদৰ্শিত হব ফুড প্ৰচেছিংৰ মেচিন,বেকাৰী আৰু কনফেকচনাৰীৰ সঁজুলি,বাণিজ্যিক চকলেট,ভেষজ গোন্ধ আৰু ৰং ,দুগ্ধ প্ৰযুক্তি আৰু বহুতো। ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৯০ তাৰো অধিক কোম্পানীয়ে তেওঁলোকৰ সামগ্ৰীসমূহ ইয়াত প্ৰদৰ্শন কৰিব।
প্ৰথম সংস্কৰণত চুবুৰীয়া ৰাজ্যসমূহ যেনে অৰুণাচল প্ৰদেশ, মেঘালয়,মণিপুৰ,মিজোৰাম আদিৰ পৰা বাণিজ্যিক দৰ্শনাৰ্থীসকল আহিছিল অধিক সুযোগৰ সন্ধানত আৰু এইবাৰো অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰিছে আয়োজক কমিটিয়ে।
২য় নৰ্থ ইষ্ট ফুডটেক -২০১৯ উত্তৰ পূৱৰ যুৱ উদ্যোগীৰ বাবে এক আদৰ্শ ফ’ৰাম, যত তেওঁলোকে একেটা স্থানতে খাদ্য উদ্যোগটোৰ আটাইবোৰ সমিধান লাভ কৰিব আৰু নতুন ধাৰণা লাভ কৰিব । যিয়ে তেওঁলোকৰ নিজৰ খাদ্যৰ উদ্যোগক এক আধুনিক তথা প্ৰযুক্তি নিৰ্ভৰ প্ৰতিষ্ঠানলৈ উন্নীত কৰিব পাৰিব বুলি ব্যক্ত কৰে শ্ব’টোৰ মুখ্য আহ্বায়ক জাকিৰ হুছেইনে।