নিউজ ডেস্ক, ১২ অক্টোবৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে আৰু অন্তিম ব্যৱহাৰকাৰীসকলে সময়মতে অত্যাৱশ্যকীয় সামগ্ৰী (Goods) পোৱাটো নিশ্চিত কৰিবলৈ অবিৰতভাৱে দিনে নিশাই কাম কৰি আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই মালবাহী ৰে’লৰ লোডিঙৰ ক্ষেত্ৰত স্থিৰ অগ্ৰগতি অব্যাহত ৰাখিছে আৰু ছেপ্টেম্বৰ ২০২৪ মাহৰ সময়ছোৱাত, ৰে’লৱেই ০.৮৯১ মিলিয়ন টন বিভিন্ন সামগ্ৰীৰ লোডিং পঞ্জীয়ন কৰিছে।

ছেপ্টেম্বৰ, ২০২৪ মাহৰ সময়ছোৱাত কিছুমান সামগ্ৰীৰ লোডিঙে পূৰ্ব বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি পঞ্জীয়ন কৰিছে। উক্ত মাহটোত, পূৰ্ব বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত চিমেণ্টৰ লোডিং ৮০ শতাংশ, খাদ্য শস্যৰ লোডিং ১০.২ শতাংশ, সাৰৰ লোডিং ২৩.৫ শতাংশ আৰু কণ্টেইনাৰৰ লোডিং ৭.৭ শতাংশ বৃদ্ধি হৈছে। যোৱা বিত্তীয় বৰ্ষৰ এই একেই সময়ছোৱাৰ তুলনাত অন্যান্য সামগ্ৰী, যেনে কাঠ আৰু বালাষ্টৰ লোডিঙো ক্ৰমে ২৭৫ শতাংশ আৰু ৪৪.৯ শতাংশ বৃদ্ধি হৈছে। পূৰ্বৰ বিত্তীয় বৰ্ষৰ এই একেই সময়ছোৱাৰ তুলনাত বিবিধ সামগ্ৰী লোড কৰাৰ ক্ষেত্ৰত ১৫২.৪ শতাংশ বৃদ্ধি পঞ্জীয়ন পৰিলক্ষিত হৈছে।

মালবাহী লোডিঙৰ এই ক্ৰমাগত অগ্ৰগতিয়ে অঞ্চলটোৰ বৰ্ধিত অৰ্থনৈতিক কাৰ্যকলাপক প্ৰতিফলিত কৰিছে। ছেপ্টেম্বৰ, ২০২৪ লৈকে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বাবে মালবাহী ৰে’লৰ সামগ্ৰিক লোডিং ৫.৩৬৮ মিলিয়ন টনত উপনীত হৈছে, যি পূৰ্ব বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত ৭.২ শতাংশ বৃদ্ধি প্ৰদৰ্শন কৰিছে। মালবাহী ৰে’ল পৰিচালনৰ এই উৰ্ধমুখী প্ৰৱণতাই কেৱল অঞ্চলটোৰ অৰ্থনৈতিক গতিশীলতা বৃদ্ধি কৰাই নহয়, ইয়াৰ জৰিয়তে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰাজহো উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। যিহেতু উত্তৰ পূব সীমান্ত ৰে’লৱেই মাল পৰিবহনৰ ক্ষেত্ৰত অগ্ৰগতি অব্যাহত ৰাখিছে, ই ইয়াৰ সেৱাৰ নিৰ্ভৰযোগ্যতা আৰু দক্ষতা বৃদ্ধি কৰাৰ বাবে কাৰিকৰী উন্নীতকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ লগতে, ভৱিষ্যতৰ বাবে অধিক অগ্ৰগতি নিশ্চিত কৰি তুলিছে।