নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা (পিচিইই)য়ে ২২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে লামডিং মণ্ডলৰ অন্তৰ্গত আগৰতলা-ছাব্ৰুম খণ্ডৰ এক বিধিসন্মত পৰিদৰ্শন সফলতাৰে সম্পন্ন কৰে। এই পৰিদৰ্শনে ২৫ কেভি বৈদ্যুতিক ট্ৰেক্সনৰ অধীনত বাণিজ্যিক সেৱা প্ৰৱৰ্তনৰ বাবে অনুমোদনৰ প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত কৰিছে, যি অঞ্চলটোত ৰে’লৱে আন্তঃগাঁথনি আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
একক লাইন (আপ/ডাউন)খণ্ডত ১১২.৯১ আৰকেএম তথা ১৩৫.৪০ টিকেএম দৈৰ্ঘ্যৰ, এই বৈদ্যুতিকৰণ প্ৰকল্পটো ৰে’লৰ পৰিচালন উন্নত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। উক্ত বৈদ্যুতিক ট্ৰেক্সনৰ অধীনত ফুল-স্কেল বাণিজ্যিক ৰে’ল সেৱা আৰম্ভ কৰাৰ পূৰ্বে সুৰক্ষা আৰু পৰিচালনৰ অনুপালন নিশ্চিত কৰাৰ বাবে পিচিইই’ৰ দ্বাৰা বিধিসন্মত পৰিদৰ্শন হৈছে এক বাধ্যতামূলক পূৰ্ব চৰ্ত। এই খণ্ডৰ বৈদ্যুতিকৰণৰ ভিতৰত আছে মুখ্য বৈদ্যুতিক আন্তঃগাঁথনি যেনে বিশ্ৰামগঞ্জ, শান্তিৰবজাৰ আৰু জোলাইবাৰীৰ উপ-খণ্ড আৰু সমান্তৰাল পোষ্টৰ লগতে উদয়পুৰত এটা ট্ৰেক্সন উপকেন্দ্ৰৰ স্থাপন।
এই স্থাপনসমূহে অঞ্চলটোত ৰে’ল পৰিচালনৰ বাবে এক সুস্থিৰ আৰু সুদক্ষ বিদ্যুৎ যোগান নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আগৰতলা-ছাব্ৰুম খণ্ডৰ বৈদ্যুতিকৰণ হৈছে পৰিচালন দক্ষতা বৃদ্ধি, জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ বহল দৃষ্টিভংগীৰ অধীনত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বৈদ্যুতিক ট্ৰেক্সনলৈ পৰিৱৰ্তন কৰিলে কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস হ’ব, যি ডিজেল ইঞ্জিনৰ বাবে এক বহনক্ষম আৰু পৰিৱেশ-অনুকূল বিকল্প প্ৰদান কৰিব। ইয়াৰ উপৰিও, বিদ্যুৎচালিত ৰে’লসমূহে গতিবেগ, নিৰ্ভৰযোগ্যতা আৰু ভ্ৰমণৰ সময় উন্নত কৰিব, যাৰ ফলত ৰে’ল পৰিচালন অধিক শক্তিসম্পন্ন আৰু ব্যয়সুলভ হৈ উঠিব।
এই অগ্ৰগতিৰ ফলত যাত্ৰী আৰু মালবস্তুৰ পৰিবহণ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে, যাৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু ৰে’ল সংযোগত বৰঙণি প্ৰদানৰ সময়ত সুগম আৰু দ্ৰুত ৰেল সেৱা নিশ্চিত হৈ উঠিব। এই প্ৰকল্পটো সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত বাণিজ্য, পৰ্যটন আৰু ঔদ্যোগিক বিকাশৰ কামকাজ গঢ়ি উঠিব আৰু পন্য আৰু কেঁচা সামগ্ৰীৰ দ্ৰুত পৰিবহন সক্ৰিয় হৈ উঠিব।যাত্ৰীসকলে বৰ্ধিত ভ্ৰমণ স্বাচ্ছন্দ্য আৰু সেৱাৰ নিৰ্ভৰযোগ্যতাৰ পৰা লাভান্বিত হ’ব, আনহাতে অধিক দক্ষ লজিষ্টিকৰ পৰা ব্যৱসায়ো বৃদ্ধি হ’ব।
১০০ শতাংশ ব্ৰড-গজ বৈদ্যুতিকৰণ প্ৰাপ্ত কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ অভিযানৰ অংশ হিচাপে, এই পদক্ষেপটো বহনক্ষম আৰু দক্ষ পৰিবহন সুবিধাৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ। অতিৰিক্তভাৱে উত্তৰ-পূব সীমান্ত ৰে’লৱেই বৈদ্যুতিকৰণ প্ৰকল্প, ষ্টেচন উন্নীতকৰণ আৰু উন্নত যাত্ৰী সা-সুবিধাৰ জৰিয়তে আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যাৰ ফলত উত্তৰ-পূৰ্ব্বাঞ্চলৰ বাবে অধিক উন্নত, পৰিৱেশ-অনুকূল আৰু দক্ষ ৰে’লৱে নেটৱৰ্ক নিশ্চিত হৈ পৰিব।