গুৱাহাটী, ১১ জানুৱাৰী, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেডে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL) ত গুৱাহাটীত খেলা আৰু এখন মেচত জয়ৰ পৰা বঞ্চিত হ’ল৷ শুকুৰবাবে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা মেচত ঘৰুৱা দলটোৱে পঞ্জাৱ এফ চিৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ খেলে৷ দলে ক্ৰমাগত চাৰিখন মেচত অপৰাজেয় থাকিবলৈ সক্ষম হয় যদিও ঘৰত খেলা ক্ৰমাগত দুখন মেচত ড্ৰ খেলি মুল্যবান চাৰি পইণ্ট হেৰুৱালে৷

ক্ৰমাগত তিনিখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে প্ৰত্যাশিতভাৱে খেলৰ আৰম্ভনিৰ পৰাই আক্ৰমণৰ ৰণনীতি লয়৷ গুৱাহাটীৰ যোৱা মেচত মহমেদানৰ বিৰুদ্ধে গ’লশূন্য ড্ৰ খেলাৰ পাছত মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে দলৰ আক্ৰমণৰ ব্যৰ্থতাক মুকলিকৈ সমালোচনা কৰিছিল৷ সেয়ে অধিনায়ক জবাকোৰ লগতে যিতিন আৰু নিকছনে দলৰ সামগ্ৰিক আক্ৰমণৰ নেতৃত্ব লয়৷

কিন্তু ঘৰুৱা দললৈ সফলতা লৈ আনে ৰূপকথাৰ নায়ক আলাউদ্দিন আজাৰায়ে৷ ২৪ মিনিটত মৰক্কোৰ ষ্ট্ৰাইকাৰজনে নিজৰ ১৫ নম্বৰ তথা নৰ্থ ইষ্ট ইউনাইটেডৰ ৩০ নম্বৰ গ’লটো কৰি দলক ১-০ ৰ অগ্ৰগতি দিয়ে৷ ইফালে, একেৰাহে চাৰিখন মেচত পৰাস্ত হৈ গুৱাহাটীলৈ অহা পঞ্জাৱ এফ চিয়ে প্ৰথমাৰ্ধত সুযোগ গ্ৰহণ কৰাত ব্যৰ্থ হয়৷ কিন্তু দ্বিতীয়াৰ্ধত পঞ্জাৱে আৰম্ভনিতে তিনিজন খেলুৱৈ সাল-সলনি কৰি খেলপথাৰত নামে৷ দলে সংঘবদ্ধ আক্ৰমণৰ ৰণনীতি লয়৷ খেল সমাপ্ত হ’বলৈ আঠ মিনিট থকাত পঞ্জাৱৰ অপ্ৰান চেষ্টা সফল হয়৷ ৮২ মিনিটত লহংডিমে দলৰ হৈ সমতাসুচক গ’লটো কৰে৷

নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে এয়া আছিল আশা ভংগৰ ক্ষন৷ আচলতে নৰ্থ ইষ্ট ইউনাইটেডে আক্ৰমণ নীতি পৰিহাৰ কৰি ষ্ট্ৰাইকাৰক নমাই ৰক্ষণপন্থীক খেলপথাৰত প্ৰৱেশ কৰাইছিল৷ ইয়াৰ নেতিবাচক প্ৰভাৱ দলৰ স্বাভাৱিক খেলত পৰে আৰু পঞ্জাৱে মুক্তৰূপত নিজৰ আক্ৰমণ কৰিবলৈ সুযোগ পাই লগতে পৰাজয় ৰোধ কৰি এক পইণ্ট অৰ্জন কৰাত সফল হয়৷ ইঞ্জুৰী টাইমত লহংডিমে ৰঙা কাৰ্ড পাই যদিও দলক পঞ্চম পৰাজয়ৰ পৰা উদ্বাৰ কৰাত সফল হয়৷ যোৱা মেচত গুৱাহাটীতে ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডে ১৫ খন খেলত ২৩ পইণ্ট লাভ কৰি তালিকাৰ পঞ্চম স্থানত থাকিল।

ইফালে, পঞ্জাৱ দলে ১৪ খন খেলত ১৯ পইণ্ট লাভ কৰি অষ্টম স্থানতে থাকিল৷ নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখনো গুৱাহাটীত খেলিব৷ অহা ১৪ জানুৱাৰীত সৰুসজাইত দলে এফ চি গোৱাৰ মুখামুখি হ’ব৷ উল্লেখ্য যে চলিত লীগৰ গোৱাত খেলা মেচখন ৩-৩ ত ড্ৰ হৈছিল৷ ইফালে, পঞ্জাৱ দলে পৰবৰ্তী মেচখন নতুন দিল্লীত অহা ১৬ জানুৱাৰীত মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলিব৷