গুৱাহাটী, ৮ ডিচেম্বৰ, ২০২৪ : গ’লৰ বন্যা বোৱাই ছিজনৰ আৰম্ভনি কৰাৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে অপ্ৰত্যাসিতভাৱে ক্ৰমাগত দ্বিতীয়খন মেচতো গ’ল কৰাত বিফল হ’ল৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) দেওবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা মেচত মোহন বাগান ছুপাৰ জায়েণ্টে ২-০ গ’লত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেডক৷ উল্লেখ্য যে ইয়াৰপূৰ্বে কলকাতাত খেলা প্ৰথম লেগৰ মেচতো মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হৈছিল নৰ্থ ইষ্ট ইউনাইটেড৷

গুৱাহাটীৰ দলটোৰ বাবে পৰাজয়তকৈয়ো চিন্তাৰ বিষয় হ’ল যি শক্তিৰে দলে লীগত আত্মপ্ৰকাশ কৰিছিল সেয়া হঠাতে বিপৰ্যয় হৈ পৰিছে৷ যোৱা মেচতো কলকাতাৰ আনটো দল ইষ্ট বেংগলৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেডে গ’ল কৰিব পৰা নাছিল৷ আনহাতে, দলৰ তাৰকা আজাৰায়ে ক্ৰমাগত তিনিখন মেচত গ’ল কৰাত ব্যৰ্থতাও দলৰ বাবে আন এক মহাচিন্তা৷ আজি খেলৰ প্ৰথমাৰ্ধ গ’লশূণ্যৰূপে সমাপ্ত হয় যদিও দ্বিতীয়াৰ্ধত মোহন বাগানে চেম্পিয়নৰ দৰেই খেলি প্ৰথমে গ’ল কৰাৰ সফলতা লাভ কৰে৷ খেলৰ ৬৯ মিনিটত আশীষ ৰায়ৰ পৰা বল লাভ কৰি বস্কৰ বাওফালৰ পৰা মনবীৰ সিঙে গ’ল কৰি মোহন বাগানক অগ্ৰগতি দিয়ে৷

নৰ্থ ইষ্ট ইউনাইটেডে এই আঘাতৰ পৰা মুক্তি পোৱাৰ পূৰ্বে মোহন বাগনে এক মিনিট পাছতে দ্বিতীয়টো গ’ল কৰি তিনি পইণ্ট নিশ্চিত কৰিবলৈ সক্ষম হয়৷ লিষ্টন ক’লাকোৱে (৭১ মিনিট) আলহী দলৰ হৈ দ্বিতীয়টো গ’ল কৰে৷ এই গ’লতো সহায় কৰে আশীষে৷ প্ৰথম গ’ল বাওফালৰ পৰা কৰা মোহন বাগানে দ্বিতীয়টো গ’ল সোফালৰ পৰা কৰি নৰ্থ ইষ্ট ইউনাইটেডৰ ৰক্ষণ বিভাগৰ দূৰ্বলতা তথা সুৰুঙা মুকলি কৰি দিয়ে৷ আজিৰ জয়ৰে ডিফেণ্ডিং চেম্পিয়ন মোহন বাগানে পুনৰ শীৰ্ষস্থানত উপনীত হৈছে৷

দহখন মেচৰ সাতখনত জয় তথা এখনত পৰাস্ত হৈ ২৩ পইণ্ট লাভ কৰা দলে এতিয়ালৈ লীগত দুখন মেচ ড্ৰ খেলিছে৷ কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে দলে আগ্ৰাসন অব্যাহত ৰাখিলে৷ এঘাৰখন মেচৰ নখনতে জয়লাভ কৰিলে কলকাতাৰ দলটোৱে৷ ইফালে, নৰ্থ ইষ্ট ইউনাইটেডে ঘৰত যোৱা দুখন মেচৰ সফলতাৰ পাছত আজি আশা কৰিও পইণ্ট লাভ কৰিব নোৱাৰিলে৷ এঘাৰখন মেচৰ চাৰিখনত জয় তথা তিনিখন ড্ৰ আৰু চাৰিখনত পৰাস্ত হৈ ১৫ পইণ্ট লাভৰে তালিকাৰ ষষ্ঠ স্থানত আছে গুৱাহাটীৰ দলটো৷

নৰ্থ ইষ্ট ইউনাইটেডে দীঘলীয়া বিৰতিৰ পাছত অহা ২৩ ডিচেম্বৰত হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে জি এম চি বালাযোগী এথলেটিকো ষ্টেডিয়ামত পৰবৰ্তী মেচখন খেলিব৷ ইফালে, মোহন বাগান পৰবৰ্তী মেচত মুখামুখি হ’ব কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ৷ অহা ১৪ ডিচেম্বৰত এই মেচ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ষ্টেডিয়ামত হ’ব৷