ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ এন আৰ চিত : “এন আৰ চিৰ পৰা বাদ পৰা লোকক বিতাড়ণ নকৰিব” -মিচেলি বেচেলেট

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নিউজ ডেস্ক , সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ : ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্ত মিচেলি বেচেলেটে এইবাৰ অসমত কাৰ্যকৰী হোৱা এন আৰ চি প্ৰসংগ উল্লেখ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ কয় এন আৰ চি প্ৰক্ৰিয়াই অনিশ্চয়তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে।

ইয়াৰোপৰি আয়ুক্ত মিচেলি বেচেলেটে ভাৰত চৰকাৰক এন আৰ চিৰ পৰা বাদ পৰা লোকক বিতাড়ণ নকৰিবলৈ আৰু ডিটেনচন কেন্দ্ৰত নাৰাখিবলৈ আহ্বান জনায় ।

জেনেভাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪২তম অধিবেশনত উদ্ধোধনী ভাষণ প্ৰদান কৰি বেচেলেটে ভাৰত চৰকাৰক এন আৰ চিৰ পৰা বাদ পৰা লোক সকলক ডিটেনচন কেন্দ্ৰত বন্দী নকৰিবলৈ আৰু বিতাড়ণ নকৰিবলৈ আহ্বান জনায়। এই সকল লোকক ৰাষ্ট্ৰহীন কৰি নেপেলাবলৈ আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ আয়ুক্ত গৰাকীয়ে।

Comments

comments

You may also read!

মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ

দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কাকৰিপাৰাত মঙলবাৰে দিনৰ প্ৰায় 1

Read More...

বড়োভূমিৰ পৰা বি পি এফক উৎখাত কৰাৰ হুংকাৰ ইউ জি ব্ৰহ্মৰ

বাক্সা, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: বাক্সাত বড়োভূমিৰ পৰা বি পি এফক উৎখাত কৰাৰ হুংকাৰ ইউ জি ব্ৰহ্মৰ। প্ৰাক্তন এৱছু

Read More...

সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ জি টাউন বঁটা

নতুন দিল্লী, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্যন তথা সামাজিক আলোচনী জী টাউন চ'চাইটি য়ে অন্যান্য বছৰৰ দৰে

Read More...

Mobile Sliding Menu