জনীয়া, ০৬ আগষ্ট: এন আৰ চিৰ পুনৰীক্ষণৰ সময়সূচীৰ চাৰি ঘন্টা পিছত জাননী প্ৰাপ্তক লৈ জনীয়াৰ ভাতকুছিত তীব্ৰ আতংক। এন আৰ চিৰ নামত হাৰাশাস্তি বন্ধ কৰি চৰকাৰে ভূক্তভোগী ৰাইজক গুলিয়াই মৰাৰ আহ্বান ভুক্তভোগীৰ ।

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত সম্প্ৰতি বিৰাজ কৰিছে এন আৰ চি আতংকই। বৰপেটাৰ ভাতকুছিৰ গাঁৱৰ পৰা যোৰহাট জিলাৰ তিতাবৰ, কামৰূপ জিলাৰ বাইহাটা, শিবসাগৰ আদি ঠাইলৈ পুনৰীক্ষণৰ বাবে উপস্থিত হ’বলৈ একাংশ লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে।

কিন্তু জাননীপ্ৰাপ্ত লোকসকলক পুনৰীক্ষণৰ বাবে ৫ আগষ্টৰ দিনৰ ১-০০বজাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে যদিও ১-০০ বজাত উপস্থিত হ’বলগীয়া পুনৰীক্ষণৰ জাননী প্ৰাপ্ত হয় একে তাৰিখত সন্ধিয়া ৬-০০ বজাত। এই ক্ষেত্ৰত ভুক্তভোগিয়ে এক গভীৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

এনে হাৰাশাস্তি দিয়াতকৈ চৰকাৰে ভূক্তভোগী ৰাইজক শাৰীপাতি থিয় কৰাই গুলিয়াই মাৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰ আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।