দৰং, ২৭ ডিচেম্বৰ: দৰঙত এন আৰ চিৰ বাবে জাল জন্মৰ প্ৰমাণপত্ৰ যোগান ধৰা চক্ৰ আটক কৰা হয়। দৰঙৰ ধূলা আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে তিনি অভিযুক্তক। তিনি যুৱক হৈছে মঃ মতলিব আলি, ইব্ৰাহীম আলি আৰু আব্দুল্লা আহমেদ। এওঁলোকৰ পৰা ৫৮ খন জাল জন্মৰ প্ৰমাণ পত্ৰ এটা হাৰ্ড ডিস্ক জব্দ কৰা হয়। তিনি অভিযুক্তই অকল দৰং জিলাতেই নহয় ৰাজ্যৰ আন আন জিলাটো যোগান ধৰিছিল জাল নথি।