নিউজ ডেস্ক, ২৪ ডিচেম্বৰ, ২০২৩ : যুৱতীসহ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক (Officer Incharge) কোঠাৰ ভিতৰত আৱদ্ধ কৰিলে ৰাইজে। চৰকাৰী কোঠাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক যুৱতীসহ হাতে-লোটে ধৰিলে ৰাইজে। পূৰ্বেও নাৰী কেলেংকাৰীত নাম সাঙোৰ খাইছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ। প্ৰায়ে চৰকাৰী কোঠাত যুৱতী লৈ অহাৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে। ইতিমধ্যে আটক কৰা হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক।

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে অসম আৰক্ষীৰ সংস্কাৰৰ কথা কৈ আছে সেই সময়তে একাংশ আৰক্ষীৰ লোকে খাকি পোছাকত দাগ লগাই কলংকিত কৰি আছে অসম আৰক্ষীক। কেতিয়াবা যদি উৎকোচ লৈ জালত পৰিছে আৰক্ষীৰ লোক, কেতিয়াবা আকৌ বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাৰ লগত নাম সাঙোৰ খাইছে আৰক্ষী বিভাগত কৰ্মৰত একাংশ লোকৰ। ক্ষমতাৰ অপব্যৱহাৰৰ পৰা আৰম্ভ কৰি নাৰী কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

পুনৰ এবাৰ এগৰাকী আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাইছে নাৰী কেলেংকাৰীত। এগৰাকী যুৱতীৰ লগত হাতে-লোটে ধৰা পৰিছে এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। চৰকাৰী কোঠাৰ ভিতৰত যুৱতীসহ ধৰা পৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী। চৰকাৰী কোঠাৰ ভিতৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক যুৱতীসহ ৰাইজে আৱদ্ধ কৰি ৰাখে। চৰকাৰী কোঠাত বাহিৰৰ পৰা তলা লগাই ৰাইজে যুৱতীসহ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক দীৰ্ঘসময় ধৰি আৱদ্ধ কৰি ৰাখে।

চৰকাৰী কোঠাত যুৱতীসহ ধৰা পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী হৈছে চুঙাজানা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদ। চুঙাজানা আৰক্ষী থানা চৌহদত থকা চৰকাৰী কোঠাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদক ৰাইজে এগৰাকী যুৱতীসহ প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে ৰাইজে চৰকাৰী কোঠাত বাহিৰৰ পৰা তলা লগাই কোঠাৰ ভিতৰত যুৱতী গৰাকীসহ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদক দীৰ্ঘসময়।ধৰি আৱদ্ধ কৰি ৰাখে।

ঘটনাৰ খবৰ পাই পৰৱৰ্তী সময়ত ধনশিৰি মহকুমা আৰক্ষী বিষয়া চুঙাজানা আৰক্ষী থানাত উপস্থিত হৈ চৰকাৰী কোঠাৰ পৰা যুৱতীসহ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদক উদ্ধাৰ কৰে। ইতিমধ্যেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদক সোধাপোছাৰ বাবে আটক কৰা হৈছে। উল্লেখ্য যে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদৰ নাম পূৰ্বও নাৰী কেলেংকাৰীত সাঙোৰ খাইছিল। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে প্ৰায়ে চৰকাৰী কোঠাত যুৱতী লৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।