মৰিগাঁও, ২৫ ডিচেম্বৰ, ২০২৩ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) দ্বাৰা জাগীৰোড ষ্টেচনত নিৰ্মাণ কৰা নতুন ৰোড অ’ভাৰ ব্ৰীজখন (আৰঅ’বি) দেওবাৰে জনসাধাৰণৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় বিধায়ক আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত এই নতুন অ’ভাৰ ব্ৰীজখন উদ্বোধন কৰে।

নতুনকৈ নিৰ্মাণ কৰা অ’ভাৰ ব্ৰীজখন জাগীৰোড ষ্টেচন য়াৰ্ডত লেভেল ক্ৰছিং গেট নং এছ.টি.-২৭ ৰ স্থানত প্ৰতিস্থাপিত কৰা হৈছে। পথ যানজঁটৰ লগতে ৰে’লৰ শ্বাণ্টিং কাৰ্যৰ বাবে লেভেল ক্ৰছিং গেট এছ.টি.-২৭ ৰ পৰিৱৰ্তে এখন অ’ভাৰ ব্ৰীজ নিৰ্মাণৰ প্ৰয়োজন হৈছিল। গেটখন ৬৬৯৭৫৪ টিভিইউৰ সৈতে এখন অতি ব্যস্ত গেট আছিল। ডিগাৰু-হোজাইৰ দ্বৈত ৰে’লপথৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ৰে’লৰ চলাচলো বৃদ্ধি হৈছে; যাৰ ফলত গেটখন সঘনাই বন্ধ কৰিব লগা হৈছিল। সেই অনুসৰি, ৰে’লৰ লগতে পথ ব্যৱহাৰকাৰী উভয়ৰে সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই আৰঅ’বি (নং ৮৫এ) উত্তৰ-পূব সীমান্ত ৰে’লৱেই মুঠ ৮৫.৯৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰে।

এই অ’ভাৰ ব্ৰীজখন মুঠ দৈৰ্ঘ্য হৈছে ৩৪৪ মিটাৰ যাৰ ভিতৰত ৭৪ মিটাৰ দৈৰ্ঘ্যৰ বো ষ্ট্ৰীং আৰ্ক ষ্টীল গাৰ্ডাৰ আছে। বো ষ্ট্ৰিং আৰ্ক ষ্টীল গাৰ্ডাৰৰ উচ্চতা ১২.৮৫ মিটাৰ আৰু ওজন ৭৩০ এমটি। ৰাষ্ট্ৰীয় ঘাইপথ ২৪ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫এ-ক উভয় দিশত ভায়াডাক্টৰ সৈতে সংযোগ কৰা এই নতুন আৰঅ’বিখনত নৱনিৰ্মিত ১১ মিটাৰ প্ৰস্থৰ ৩ (তিনি) লেনযুক্ত পথ আছে। পথচাৰীসকলক সুৰক্ষাৰ সৈতে ৰে’লপথ পাৰ হ’বলৈ বো ষ্ট্ৰিং গাৰ্ডাৰৰ উভয় দিশত দুটা চিৰি প্ৰদান কৰা হৈছে।

এই নতুন অ’ভাৰ ব্ৰীজখনে ব্যস্ত সময়ত ভিৰ নিয়ন্ত্ৰণ আৰু যান বাহনৰ সুগম চলাচলৰ সুবিধা প্ৰদান কৰিব আৰু লগতে যাত্ৰীসকলক ৰে’লপথত অনধিকাৰ প্ৰৱেশ কৰাত বাধা দিব। লগতে, অ’ভাৰ ব্ৰীজখনে পৰিচালন দক্ষতাও বৃদ্ধি কৰিব, এনেদৰে এই অঞ্চলত ৰে’লৰ লগতে পথ যান-বাহনৰ চলাচলো সুগম কৰিব। জাগীৰোডৰ লগতে মৰিগাঁও জিলাৰ সমগ্ৰ জনসাধাৰণো ইয়াৰদ্বাৰা উপকৃত হ’ব।