গুৱাহাটী, ৭ জুন, ২০২৪ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। চৰকাৰী কৰ্মচাৰী গৰাকীয়ে ১০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে। বৃহস্পতিবাৰে (৫ জুন) অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবা গৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত আছে। পুনৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল কামৰূপ মহানগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল। লাট মণ্ডল গৰাকীয়ে অন্য এজন লোকৰ জৰিয়তে উৎকোচৰ ধন সংগ্ৰহ কৰাৰ অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল কামৰূপ মহানগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল স্বপ্না মেধি। কামৰূপ মহানগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল স্বপ্না মেধিৰ হৈ ১০ হাজাৰ টকা উৎকোচৰ ধন সংগ্ৰহ কৰি থকা অৱস্থাত ধৰা পৰে মাহফুজুৰ ৰহমান নামৰ লোকজন। মাটি কাম কৰি দিয়াৰ বিনিময়ত এজন লোকৰ পৰা ৩০ হাজাৰ টকা দাবী কৰিছিল লাট মণ্ডল স্বপ্না মেধিয়ে।

লাট মণ্ডল স্বপ্না মেধিয়ে উৎকোচ দাবী কৰা লোকজন কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই জাল পেলাই স্বপ্না মেধিৰ হৈ ধন সংগ্ৰহ কৰা মাহফুজুৰ ৰহমানক উৎকোচ লৈ থকা অৱস্থাত আটক কৰে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে মাহফুজুৰ ৰহমানৰ কবলৰ পৰা উৎকোচৰ ১০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে উৎকোচ গ্ৰহণ কৰা মাহফুজুৰ ৰহমানৰ লগতে লাট স্বপ্না মেধিক গ্ৰেপ্তাৰ কৰে।

এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৪৬/২০২৪ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে, দুৰ্নীতিগ্রস্ত চৰকাৰী।কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলক জালত পেলাইছে।