গুৱাহাটী, ২ ফেব্ৰুৱাৰী, ২০২৪ : বৃহৎ পৰিমাণৰ জাল নোট জব্দ। ৩ লাখ ৪৮ হাজাৰ টকাৰ জাল নোটসহ এজন পৰিল জালত (One Arrested With Fake Currency)। ভাড়া ঘৰৰ পৰাই জাল নোটৰ ব্যৱসায় চলাই আছিল ধৃত লোকজন। আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলাইছিল অভিযান। দীর্ঘদিন ধৰি জাল নোটৰ ব্যৱসায় চলাই আছিল লোকজনে। ধৃত লোকজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ৰাজ্যত অব্যাহত আছে জাল নোটৰ ব্যৱসায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জাল নোট জব্দ কৰাৰ লগতে জাল নোটৰ ব্যৱসায়ৰ লগত জড়িত কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছে যদিও একাংশ লোকে আৰক্ষীক কেৰেপ নকৰাকৈ চলাই আছে জাল নোটৰ ব্যৱসায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত জাল নোট মেলি দিছে এই ব্যৱসায়ৰ লগত জড়িত দুষ্ট চক্ৰই।

মহানগৰী গুৱাহাটীত পুনৰবাৰ জাল নোট ব্যৱসায় চক্ৰৰ এজন সদস্য আৰক্ষীৰ জালত পৰিছে। বৃহৎ পৰিমাণৰ জাল নোটসহ আৰক্ষীৰ জালত পৰিছে লোকজন। মহানগৰীৰ মঠঘৰীয়া অঞ্চলৰ পৰা আৰক্ষীয়ে ৩ লাখ ৪৮ হাজাৰ টকাৰ জাল নোটসহ গ্ৰেপ্তাৰ কৰিছে জাল নোট চক্ৰৰ সদস্যজনক। বৃহস্পতিবাৰে নিশাৰ ভাগত আৰক্ষীয়ে মঠঘৰীয়া অঞ্চলত এক অভিযান চলাই বৃহৎ পৰিমাণৰ জাল নোটসহ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নিশা এক গোপন খবৰৰ ভিত্তিত নুনমাটি থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই এই সাফল্য লাভ কৰে। নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম তামাঙৰ নেতৃত্বত নুনমাটি থানাৰ আৰক্ষীৰ দলটোৱে মঠঘৰীয়া অঞ্চলত এক অভিযান চলাইছিল। অভিযানকালত আৰক্ষীৰ দলটোৱে দুই নং মঠঘৰীয়াৰ পৰা ৰূপম সিঙ নামৰ এজন লোকৰ ৩ লাখ ৪৮ হাজাৰ টকাৰ নকল নোটসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৰূপম সিঙ দুই নং মঠঘৰীয়াত ভাড়া ঘৰত থাকি জাল নোটৰ ব্যৱসায় চলাই আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰূপম সিঙে দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি জাল নোটৰ ব্যৱসায় চলাই আছিল। বৃহস্পতিবাৰে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই অৱশেষত ৰূপম সিঙক জালত পেলাবলৈ সক্ষম হয়। আৰক্ষীৰ এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে ৰূপম সিঙক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মহানগৰীৰ কেইবাটাও অঞ্চলৰ পৰা আৰক্ষীয়ে জাল নোট ব্যৱসায়ৰ চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।