যোৰহাট, ৩ জানুৱাৰী, ২০২৪ : পকামূৰা ফুকন আলিত পুনৰ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ। পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল প্ৰকাণ্ড নাহৰফুটুকী বাঘটোক। ইয়াৰ পিছতে বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। কিছুদিন পূৰ্বেও উক্ত অঞ্চলত পিঞ্জৰাবদ্ধ হৈছিল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। দীর্ঘদিন ধৰি অঞ্চলটোত পোহনীয়া হাঁহ, কুকুৰা খাই সন্ত্ৰস চলাই আছিল নাহৰফুটুকী বাঘটোৱে (Leopard Terror)।

ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ হৈ উঠিছে বন্যপ্ৰাণী আৰু মানুহৰ মাজৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে নাহৰফুটুকী বাঘ আৰু মানুহৰ সংঘাতো বৃদ্ধি পাবলৈ ধৰিছে। বনাঞ্চল ধ্বংসৰ ফল ভুগিছে ৰাজ্যবাসীয়ে। ব্যাপক হাৰত বনাঞ্চল ধ্বংসৰ বাবেই জনাঞ্চললৈ ওলাই আহিছে বন্যপ্ৰাণী। জনাঞ্চলত প্ৰায়ে দেখিবলৈ পোৱা যায় বনৰীয়া হাতী আৰু নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ।

বিগত কেইবাবছৰ ধৰি যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায়ে নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে। জিলাখনৰ চাহ বাগিচা থাক অঞ্চল সমূহত প্ৰায়ে নাহৰফুটুকী বাঘ আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হয়। বিভিন্ন সময়ত নাহৰফুটুকী বাঘ বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি পোহনীয়া হাঁহ, কুকুৰা, গৰু, ছাগলী ভক্ষণ কৰি সন্ত্ৰসৰ সৃষ্টি কৰে। যোৰহাট জিলাৰ চাহ বাগিচা অঞ্চলৰ পৰা কেইবাটাও নাহৰফুটুকী বাঘ ইতিমধ্যে পিঞ্জৰাবদ্ধ কৰিছে বন বিভাগে।

শনিবাৰে পুৱাৰ ভাগত যোৰহাটত পুনৰ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয়। যোৰহাটৰ পকামূৰা ফুকন আলিত পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। শনিবাৰে পুৱাৰ ভাগত অঞ্চলটোত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ মুক্ত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে। ইয়াৰ পিছতে স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগে নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা স্থাপন কৰে। কিছুসময়ৰ পিছতে ধেকেলিয়া আৰু চালিখোৱাৰ মাজত নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হয়। বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হোৱাৰ পিছতে গৰজি উঠে প্ৰকাণ্ড নাহৰফুটুকী বাঘটো।

যোৱা ২৫ জানুৱাৰীত অঞ্চলটোত আন এক প্ৰকাণ্ড নাহৰফুটুকী বাঘ বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হৈছিল। শনিবাৰে অঞ্চলটোৰ পৰা দ্বিতীয়টো নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰে বন বিভাগে। অঞ্চলটোত দীর্ঘদিন ধৰি পোহনীয়া হাঁহ, কুকুৰা, গৰু, ছাগলী ভক্ষণ কৰি সন্ত্ৰস চলাই আছে নাহৰফুটুকী বাঘে। অঞ্চলটোৰ চাহ বাগিচাত প্ৰায়ে ৰাইজে প্ৰত্যক্ষ কৰে নাহৰফুটুকী বাঘ। অঞ্চলটোৰ আৰু কেইবাটাও নাহৰফুটুকী বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।