নগাঁও, ২১ নৱেম্বৰ, ২০২৩ : পুনৰ অসম আৰক্ষীৰ গুলী চালনা (Police Firing)। অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ পুনৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত হেকমত আলী নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়া। আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলীক লগত লৈ অভিযান চলাবলৈ যোৱাৰ সময়ত আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰিছিল হেকমত আলী। কুখ্যাত ড্ৰাগছ মাফিয়াজনৰ ভৰিত লাগিছে আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে অহাত হেকমত আলী চিকিৎসালয়ত ভৰ্তি।
অপৰাধীক লক্ষ্য কৰি অব্যাহত আছে আৰক্ষীৰ গুলী চালনা। এইবাৰ নগাঁও আৰক্ষীয়ে গুলীয়ালে এজন কুখ্যাত ড্ৰাগছ মাফিয়াক। নগাঁও আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত কুখ্যাত ড্ৰাগছ মাফিয়াজন। সোমবাৰে নিশা নগাঁও জিলাৰ চামগুৰিত আৰক্ষীয়ে গুলীয়াই আহত কৰে কুখ্যাত ড্ৰাগছ মাফিয়াজনক। আৰক্ষীৰ অভিযানকালত কুখ্যাত ড্ৰাগছ মাফিয়াজন আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বাধ্য হৈ কুখ্যাত ড্ৰাগছ মাফিয়াজনক লক্ষ্য কৰি গুলী চালনা কৰে।
জানিব পৰা মতে, সোমবাৰে আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলীক। নিশাৰ ভাগত আৰক্ষীয়ে হেকমত আলীক লগত লৈ লুকুৰাই থোৱা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ এক অভিযান চলাবলৈ যোৱাৰ সময়ত কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলীয়ে সুযোগ বুজি আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। ফলত আৰক্ষীয়ে বাধ্য হৈ কুখ্যাত ড্ৰাগছ মাফিয়াজনক লক্ষ্য কৰি গুলী চালনা কৰে। হেকমত আলীৰ ভৰিত আৰক্ষীৰ গুলী লগাত গুৰুত্বৰভাৱে আহত হয় হেকমত আলী।
আৰক্ষীয়ে আহত হেকমত আলীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলী। উল্লেখ্য যে কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলীয়ে দীর্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি চামগুৰিৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল। সোমবাৰে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই চামগুৰিৰ বাজিয়াগাঁৱৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰসহ কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলীক গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে সোমবাৰে চামগুৰিত এখন দুর্ঘটনাগ্ৰস্ত বাহনৰ পৰা ৰাইজে উদ্ধাৰ কৰিছিল বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য। সন্ধিয়াৰ ভাগত চামগুৰিৰ সোণাৰিবালিত এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৱালত খুন্দা মাৰে। ইয়াৰ পিছতে বাহনখন এৰি চালক আৰু আৰোহীয়ে পলায়ন কৰে। পিছত স্থানীয় ৰাইজে বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত দ্ৰব্যৰ বটল উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে বাহনখনৰ লগতে নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।