গুৱাহাটী, ২১ নৱেম্বৰ, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেই এই সংমণ্ডলৰ আন-ইলেক্ট্ৰিফাইড ব্ৰডগজ ৰুটৰ বাবে ১০০ শতাংশ বৈদ্যুতিকৰণৰ দিশত আগবাঢ়িছে। ই জীৱাশ্ম ইন্ধনৰ ওপৰত ৰে’লৱেৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু ভাৰতীয় ৰে’লৱেৰ বাবে বিশ্বৰ সৰ্ববৃহৎ “সেউজ ৰেলৱে” হোৱাৰ দিশত ইয়াৰ মিছন মোডত সহায়ক হ’ব।

সম্পূৰ্ণ বৈদ্যুতিকৰণৰ (Electrification) প্ৰচেষ্টাত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ১৯৫৬.৬৩ আৰ.কে.এম. (ৰুট কিলোমিটাৰ) বৈদ্যুতিকৰণ সম্পূৰ্ণ কৰা হৈছে। যিয়ে শূন্য কাৰ্বন নিৰ্গমন প্ৰাপ্ত কৰা লক্ষ্যৰ অংশ হিচাপে সমগ্ৰ নেটৱৰ্কৰ যিটো সৰ্বমুঠ ৪৩৪৮ আৰকেএমৰ ৪৫ শতাংশ। উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহত, ২৩৯১.৩৮ কিলোমিটাৰ বাকী থকা ৰুটতো আগলৈ বৈদ্যুতিকৰণ কৰা হ’ব।

উত্তৰ-পূৰ্ব্বাঞ্চলৰ মুঠ বৈদ্যুতিক ৰুটৰ ভিতৰত, অসমত ৯১০.৪৫ কিমি, মেঘালয়ত ৯.৫৮ কিলোমিটাৰ আৰু নাগালেণ্ডত ৬ কিলোমিটাৰ ইতিমধ্যে বৈদ্যুতিকৰণ কৰা হৈছে। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অন্তৰ্গত বিহাৰত ২৮৫.৮৭ কিলোমিটাৰ আৰু পশ্চিম বংগত ৭৪৪.৭২৬ কিলোমিটাৰ ইতিমধ্যে বৈদ্যুতিকৰণ কৰা হৈছে।

শেহতীয়াকৈ, অসম ৰাজ্যত বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ তিনিটা খণ্ড পৰিদৰ্শন সম্পন্ন কৰা হৈছে। খণ্ডসমূহ হৈছে বদৰপুৰ-শিলচৰ (২৯.৬০ আৰকেএম), বদৰপুৰ-বৰাইগ্ৰাম (৪১.৭৭ আৰকেএম) আৰু বৰাইগ্ৰাম-দুল্লভচেৰা (২৭.০০ আৰকেএম)। বৈদ্যুতিকৰণৰ কাম অধিক দ্ৰুত কৰাৰ বাবে, ইণ্ডিয়ান ৰে’লৱে কনষ্ট্ৰাকচন ইন্টাৰনেচনেল লিমিটেড (ইৰকন), ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক চাৰ্ভিচ (ৰাইটছ), এনএফআৰ/নিৰ্মাণ আৰু কেন্দ্ৰীয় ৰে’ল বৈদ্যুতিকৰণ সংস্থাই (ক’ৰ) এই সংমণ্ডলৰ বিভিন্ন খণ্ডত পৰ্যায়ক্ৰমে বৈদ্যুতিকৰণৰ কাম সম্পাদন কৰি আহিছে।

বৈদ্যুতিকৰণে উত্তৰ পূব সীমান্ত ৰে’লৱেত ৰে’লৰ গতিশীলতাৰ যথেষ্ট উন্নত কৰিব আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহত ৰে’লৰ নেটৱৰ্ক শক্তিশালী কৰিব। ইয়াৰ লগতে প্ৰদূষণ হ্ৰাস কৰাৰ উপৰিও, জীৱাশ্ম ইন্ধনৰ পৰা বিদ্যুতলৈ ৰূপান্তৰৰ ফলত ৰে’লৱেৰ বিত্তীয় প্ৰদৰ্শনো উন্নত হ’ব। ইয়াৰ ফলত নিৰৱচ্ছিন্ন  যাতায়তৰ সুবিধা হ’ব আৰু ৰে’লৰ গড় গতিবেগ বৃদ্ধিৰ ফলত ৰেলৰ চলাচলৰ ক্ষেত্ৰত সময়ানুৱৰ্তিতা বজাই ৰখাত সম্ভৱ হ’ব।