ৰঙাপৰা, ৯ ডিচেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে (Wild Elephant Killed One)। ঘৰ ভিতৰত শুই থকা অৱস্থাতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে লোকজনক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। বন বিভাগে বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ ৰাইজৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়।

শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বিশেষকৈ অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল সমূহত প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হৈ থকা বুলি কলেও ভুল নহ’ব। এই সংঘাতৰ ফলত ইতিমধ্যে বহু লোক নিহত হোৱাৰ সমান্তৰালে প্ৰাণ হেৰুৱাইছে কেইবাটাও বনৰীয়া হাতীয়ে।

জিলাখনত পুনৰ বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাইছে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্জত অসম-অৰুণাচল সীমান্তৱৰ্তী দয়ালপুৰৰ ২ নং বালিটিকাত। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰে। বনৰীয়া হাতীৰ জাকটোৱে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।

ঘৰ শুই থকা অৱস্থাত বনৰীয়া হাতীৰ জাকটোৱে আক্ৰমণ চলায় দেৱান মূৰ্মূ নামৰ এজন লোকৰ ঘৰত। শুই থকা অৱস্থাতে বনৰীয়া হাতীয়ে গছকি হত্যা কৰে দেৱান মূৰ্মূ নামৰ লোকজনক। বনৰীয়া হাতীৰ আক্ৰমণত ৬৬ বছৰীয়া দেৱান মূৰ্মূ নামৰ লোকজনৰ মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে। স্থানীয় ৰাইজে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অঞ্চলটোত দীর্ঘদিন ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকাৰ বাবে ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে। উল্লেখ্য যে এমাহ পুৰ্বেও জামুনবিল গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোক নিহত হৈছিল। অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাত বন বিভাগ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। শোণিতপুৰ জিলাৰ লগতে ওদালগুৰি, গোৱালপাৰা আৰু গোলাঘাট জিলাত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ভয়াবহভাৱে বৃদ্ধি পাইছে।