নিউজ ডেস্ক, ৯ ডিচেম্বৰ, ২০২৩ : উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচনত ৱান ষ্টেচন ৱান প্ৰডাক্ট (OSOP) বিপনী সফলতাৰে চলি আছে। অ’এছঅ’পি বিপনীসমূহে ৰে’ল ষ্টেচনসমূহত স্থানীয় আৰু থলুৱা উৎপাদিত সামগ্ৰীৰ বাবে এক প্ৰচাৰকেন্দ্ৰিক আৰু বিক্ৰীৰ কেন্দ্ৰস্থল গঢ়ি তুলিছে।

থলুৱা সংস্কৃতি আৰু পৰম্পৰাৰ ঐতিহ্য প্ৰদান কৰাৰ উপৰিও, অ’এছঅ’পিয়ে স্থানীয় বিক্ৰেতা আৰু তেখেতসকলৰ পৰিয়ালৰ জীৱনত এক ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে। অ’এছঅ’পি আঁচনিয়ে অ’এছঅ’পি বিপনী চলাই থকা বিক্ৰেতাসকলৰ পৰিয়ালৰ বাবে এক বিত্তীয় সুৰক্ষাও সৃষ্টি কৰিছে।

ৰে’ল যাত্ৰীয়ে এতিয়া ৰে’ল ষ্টেচনসমূহত তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিভিন্ন ৰাজ্যত বিয়পি থকা ‘ৱান ষ্টেচন ৱান প্ৰডাক্ট’ৰ আউটলেটত স্থানীয় হস্তশিল্প, হস্ততাঁত, কটন সামগ্ৰীৰ লগতে অন্যান্য হস্তনিৰ্মিত শিল্পকলাৰে সমৃদ্ধ ঐতিহ্য অন্বেষণ কৰিব পাৰিব। এনেদৰে, স্থানীয় শিল্পীসকলক তেখেতসকলৰ স্থানীয় সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিপণন কৰিবলৈ ভোকেল ফৰ লোকেল অভিযান প্ৰচাৰ কৰাৰ অৰ্থে অধিকাৰ প্ৰদান কৰা হৈছে।

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনত, ১ ডিচেম্বৰ, ২০২৩ তাৰিখলৈকে ১৮০ টা অ’এছঅ’পি বিপনী কাৰ্যকৰী হৈ আছে, যিসমূহ ১৩৩ টা ৰে’ল ষ্টেচনত ব্যাপ্ত হৈ আছে। অসমত ১২৮ টা, পশ্চিম বংগত ৩১ টা, বিহাৰত ১৩ টা অ’এছঅ’পি বিপনী কাৰ্যক্ষম হৈ আছে। কিছুমান গুৰুত্বপূৰ্ণ ষ্টেচনৰ ভিতৰত অসমত গুৱাহাটী, ডিব্ৰুগড়, নিউ তিনিচুকীয়া, বৰপেটা ৰোড, ৰঙাপাৰা নৰ্থ, কোকৰাঝাৰ, পশ্চিমবঙ্গত নিউ আলিপুৰদুৱাৰ, নিউ জলপাইগুৰি, দাৰ্জিলিং, কোচবিহাৰ, বিহাৰৰ বাৰচোই, কাটিহাৰত এই বিপনীসমূহ সক্ৰিয় হৈ আছে। অ’এছঅ’পি আঁচনিৰ অধীনত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ সমগ্ৰ বিপনীৰ জৰিয়তে প্ৰায় ৭৩৯ জন হিতাধিকাৰী উপকৃত হৈছে।

অ’এছঅ’পি আঁচনিৰ অধীনত থকা সকলো ষ্টলে স্থানীয়ভাৱে নিৰ্মিত বিভিন্ন ধৰণৰ উৎকৃষ্ট আৰু অমূল্য সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিপণন কৰি আহিছে। বিভিন্ন ধৰণৰ অসমীয়া পিঠা, পৰম্পৰাগত অসমীয়া গামোচা, পৰম্পৰাগত বড়ো, ৰাজবংশী পোছাক, জাপি, স্থানীয় উৎপাদিত বস্ত্ৰ, মৰাপাটৰ সামগ্ৰী (টুপি, গামোচা, পুতলা), হস্ততাঁত, দাৰ্জিলিং চাহ, স্থানীয়ভাৱে নিৰ্মিত ডিজাইনাৰ খাৰু, নেকলেচ, কাণৰ কেৰু, চুলিৰ ক্লিপ, বাঁহ আৰু বেতৰ সামগ্ৰী আদিয়ে ৰে’ল যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই পাইলট আঁচনিৰ আৰম্ভণিৰ পৰাই সমগ্ৰ দেশৰ ২১ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১৩৪ টা অ’এছঅ’পি বিপনীৰ সৈতে ১০৩৭ টা ষ্টেচন অন্তৰ্ভূক্ত কৰি লোৱা হৈছে। আজি পৰ্যন্ত সমগ্ৰ ভাৰতত এই আঁচনিৰ অধীনত ক্ৰমবৰ্ধমান প্ৰত্যক্ষ হিতাধিকাৰীৰ সংখ্যা হৈছে ৩৯,৮৪৭ জন।