সংবাদ ৩৬৫ ডেস্ক, ২ অক্টোবৰঃ আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হয় পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকৰ আকর্ষণৰ কেন্দ্ৰবিন্দু পবিতৰা অভয়াৰণ্যলৈ প্ৰতিবছৰে হেজাৰ হেজাৰ পৰ্য্যটকৰ আগমণ হয়৷ পবিতৰা অভয়াৰণ্য এশিঙীয়া গঁড়ৰ লগতে বনৰীয়া ম’হ আৰু গাহৰিৰ বাবেও বিখ্যাত৷ পবিতৰা অভয়াৰণ্যৰ বিভিন্ন প্ৰজাতিৰ চৰাইয়ো পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্র৷ অসমৰ মুখ্য বন সংৰক্ষকে আজি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ মুকলি কৰাৰ লগতে মায়ঙৰ পৰম্পৰাগত ৰজা তৰণি কান্ত সিংহই হাতী ছাফাৰী মুকলি কৰে৷ অভয়াৰণ্যখনৰ ভিতৰ ভাগ বোকাময় হৈ থকাত জিপ চাফাৰী কিছুদিন লৈ বন্ধ থাকিব। উল্লেখ্য যে, ২০১৬-১৭ বৰ্ষত পবিতৰা অভয়াৰণ্যত ২১,৮৯৫ জন ভাৰতীয় পৰ্যটকৰ লগতে ৪২৩ জন বিদেশী পৰ্যটক আৰু ৮৭৫ জন শিক্ষাৰ্থীয়ে ভ্ৰমণ কৰে আৰু অভয়াৰণ্যখনে পৰ্যটকৰ পৰা মুঠ ৪০,০২,২৭৫ টকা উপাৰ্জন কৰে৷