পলাশবাৰী, সংবাদ ৩৬৫, ২১ আগষ্ট : ৰাজ্যত ক্ৰমে বৃদ্ধি পাইছে বোৱাৰী নিৰ্যাতনৰ দৰে অমানৱীয় ঘটনা । এইবাৰ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ কান্দুপৰত এগৰাকী বোৱাৰীক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ । ছোৱালীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তিনি সন্তানৰ মাতৃ কবিতা বৰুৱাৰ মৃত্যু এক পৰিকল্পিত হত্যা কাণ্ড । কবিতাৰ স্বামী পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস আৰু কৃষ্ণ দাসৰ ভগ্নী পবিতা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় লোকে ।

পৰিয়ালৰ লোকৰ ভাষ্য অনুযায়ী বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণ দাসৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা । স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি বহুবাৰ স্বামীগৃহ ত্যাগ কৰি আহিছিল কবিতাই । পিছত সন্তান তিনিটাৰ বাবে এক সুখৰ সংসাৰ কৰাৰ নিমিত্তে উভতি গৈছিল স্বামী গৃহলৈ । কিন্তু যোৱা নিশা কবিতাৰ আকস্মিক মৃত্যুক ঘটে । এই মৃত্যক সহজ ভাবে লব পৰা নাই পৰিয়ালৰ লোকে যাৰ বাবে পৰিয়ালৰ লোকে কৃষ্ণ দাস আৰু ভনী পপিতা দাসৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে ।

উত্তেজিত ৰাইজে পলাশবাৰী আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে স্বামী কৃষ্ণ দাসৰ গৃহ লণ্ড ভণ্ড কৰি চোতালতে সামগ্ৰী সমূহ জ্বলাই দি সাব্যস্ত কৰে প্ৰতিবাদ । পিছত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাৰীয়ে অগ্নি নিৰ্বাপন কৰে । আনহাতে অভিযুক্ত কৃষ্ণ দাস আৰু কৃষ্ণৰ ভনীয়ে পপিতা দাসক পলাশবাৰী আৰক্ষীয়ে সোধা পোছৰ বাবে আটক কৰে ।

ঘটনাস্থলিত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে পলাশবাৰী আৰক্ষী থানাত ৩৬৬/১৯ ত ৰুজু হৈছে এক গোচৰ ।