তেজপুৰ : অৱশেষত পৰিস্মিতা দেৱীৰ অপহৰণকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিল। অপহৰণ হোৱা নাছিল দৰং মহাবিদ্যালয়ৰ ছাত্ৰী পৰিস্মিতা দেৱীৰ। নলবাৰীত উদ্ধাৰ হোৱাৰ পিছত অপহৰণৰ কথা অস্বীকাৰ কৰিলে দৰং কলেজৰ ছাত্ৰী পৰিস্মিতা দেৱীয়ে। 

তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰী পৰিস্মিতা দেৱীৰ অপহৰণ হোৱা নাছিল। পৰিস্মিতা দেৱীৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যাৰ অপহৰণ হোৱা আৰু অপহৰণকাৰীয়ে মুক্তিৰ বাবে ৫ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কন্যাৰ অপহৰণ সন্দৰ্ভত গোচৰো ৰুজু কৰিছিল পৰিস্মিতা দেৱীৰ পিতৃ-মাতৃয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি পৰিস্মিতা দেৱীক নালবাৰী জিলাত উদ্ধাৰ কৰে। তেজপুৰৰ হজৰাপাৰৰ শংকৰ নগৰৰ মনোজ নাথ আৰু মৃদুলা নাথৰ কন্যা পৰিস্মিতা দেৱীক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে অপহৰণ আৰু মুক্তিৰ বাবে ৫ লাখ টকাৰ দাবীৰ কথা অস্বীকাৰ কৰে পৰিস্মিতা দেৱীয়ে।

দৰং মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মিতা দেৱীয়ে আৰক্ষীক দিয়া ভাষ্য মতে পৰিস্মিতা দেৱীৰ অপহৰণ হোৱা নাছিল। নিজে তেজপুৰৰ পৰা লগৰ এজনৰ লগত নালবাৰীলৈ আহিছিল। উল্লেখ্য যে পৰিস্মিতা দেৱীৰ পিতৃ-মাতৃয়ে মুন ডেকা নামৰ এজন যুৱক পৰিস্মিতা দেৱীৰ আহৰণৰ লগত জড়িত থাকৰ সন্দেহ প্ৰকাশ কৰিছিল।