গুৱাহাটী : তিনি কুখ্যাত ছাগলী চোৰ। বিলাসী বাহনলৈ ছাগলী চুৰি কৰিবলৈ যায় এই তিনি কুখ্যাত ছাগলী চোৰে। কিছুদিন পূৰ্বে আৰক্ষীয়ে এখন বিলাসী বাহনত চুৰিৰ ছাগলীসহ এই তিনি কুখ্যাত ছাগলী চোৰক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

বিলাসী বাহনত ছাগলী চুৰি কৰি কাৰাগাৰৰ ভাত খোৱা এই তিনি কুখ্যাত ছাগলী চোৰ কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল। কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ বিলাসী বাহনলৈ ছাগলী চুৰি কাৰ্যত লাগি পৰিল এই তিনি কুখ্যাত ছাগলী চোৰ। পুনৰবাৰ বিলাসী বাহন আৰু চুৰিৰ ছাগলীসহ জালত পৰিল এই তিনি ছাগলী চোৰ।

মহানগৰীৰ গঁড়চুক আৰক্ষীৰ জালত পৰিল বিলাসী বহন আৰু চুৰিৰ ছাগলীসহ কুখ্যাত তিনি ছাগলী চোৰ তিনিজন। বিলাসী বাহনখনৰ পৰা পাঁচটাকৈ চুৰিৰ ছাগলী জব্দ কৰে গঁড়চুক আৰক্ষীয়ে। ধৃত ছাগলী চোৰ তিনিজন হাছেন আলী, মহেদ আলী আৰু আলী হুছেইন।

এক গোপন খবৰৰ ভিত্তিত গঁড়চুক আৰক্ষীয়ে বৰাগাঁৱত অভিযান চলাই কুখ্যাত ছাগলী চোৰ তিনিজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বৰাগাঁৱৰ পৰা খেদি খেদি কটাহবাৰীত এ এছ-০১-একে-৬৮৫ নম্বৰৰ বিলাসী বাহনখনত পাঁচটাকৈ ছাগলী উদ্ধাৰ কৰাৰ লগতে তিনি কুখ্যাত ছাগলী চোৰক গ্ৰেপ্তাৰ কৰে।

এই তিনি ছাগলী চোৰে গোৱালপাৰাৰ পথাৰৰ পৰা ছাগলী পাঁচটা চুৰি কৰি আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। দুমাহ পূৰ্বেও একেখন বিলাসী বাহনলৈ ছাগলী চুৰি কৰি আৰক্ষীৰ জালত পৰা ছাগলী চোৰ তিনিজন কাৰাগাৰৰ ভাত খাই কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল।