বৰহাট, ২২ অক্টোবৰঃ চৰাইদেউৰ সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈৰ গৃহ সমষ্টিত গড়কাপ্তানি বিভাগৰ চূড়ান্ত গাফিলতিত বিধ্বস্ত পথে অঞ্চলবাসীক অতিষ্ঠ কৰিছে৷ বিশেষকৈ বৰহাট তেল ডিপুৰ সন্মুখৰ পথটোৰ বিধ্বস্ত অৱস্থাই অঞ্চলবাসীক দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভোগাইছে। প্ৰাপ্ত তথ্য মতে, ঐতিহাসিক ধোদৰ আলি সংযোগী প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ ধোদৰ আলিৰ পৰা বৰহাট চাহ বাগিচালৈ মাত্ৰ ২ কিল’মিটাৰ পথ নিৰ্মাণ কৰি বাকী অংশ নিৰ্মাণ নকৰাত জাঙুৰ খাই উঠিছে বৰহাটৰ স্থানীয় বাসিন্দা৷ গড়কাপ্তানী বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ ফলতেই পথটো এনে জৰাৰ্জীণ ৰূপলৈ পৰিণত হৈছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷ মাত্ৰ এজাক বৰষুণতে পুখুৰী সদৃশ গাঁত কেইটাত পানীৰে ভৰি পথটোৰে যাতায়ত অনুপযোগী হৈ পৰে৷ স্থানীয় লোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতি নকৰিলে, পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে স্থানীয় লোকে৷