ৰঙিয়া, ২২ অক্টোবৰঃ ৰঙিয়াৰ নকুলত উদণ্ড যুৱকৰ চুৰিকাঘাটত আন এজন যুৱক গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ নকুলৰ উদণ্ড যুৱক হিচাপে পৰিচিত খচনুৰ আলীৰ ছুৰিকাঘাটত গুৰুতৰ ভাবে আহত হয় সৰু আলী (২৭) নামৰ এজন যুৱক। বৰ্তমান সৰুক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে ঘটনা সংঘটিত কৰি পলায়ণ কৰে আক্ৰমণকাৰী খচনুৰ আলী ওৰফে ক’লা। ভুক্তভোগী পৰিয়ালৰ অভিযোগ মতে একেখন গাঁৱৰে উদণ্ড যুৱক ক’লায়ে যোৱা নিশা এগৰাকী অকলশৰীয়া মহিলাৰ ভাড়াঘৰৰ দুৱাৰত থপৰীয়াই। মহিলাগৰাকীয়ে ভীতিগ্ৰস্ত হৈ দুৱাৰ খুলি দিয়াৰ পৰা বিৰত থাকে৷ আজি পুৱা ঘটনাৰ সন্দৰ্ভত ঘৰৰ গৰাকী খচনুৰে ক’লাৰ ঘৰলৈ সোধা পোচ কৰিবলৈ যায়। ক’লাই লগে লগে উগ্ৰমূৰ্তি ধাৰণ কৰি খচনুৰক চুৰিৰে আক্ৰমণ কৰে। ক’লাৰ আকস্মিক আক্ৰমণত আহত খচনুৰক পৰিয়ালে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনা সন্দৰ্ভত ভূক্তভোগীয়ে ৰঙিয়া থানাত অভিযুক্ত ক’লাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ক’লাই এজন আৰক্ষীক আক্ৰমণ কৰি জেল খাটিবলগীয়া হৈছিল৷