গুৱাহাটী, ১৮ জানুৱাৰী, ২০২৫ : অসমীয়াৰ হেঁপাহৰ মাঘ বিহুৰ এই উৎসৱমুখৰ বতৰত প্ৰতিদিনে ২ লাখ লিটাৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰীৰে এক অভিনৱ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ জনপ্ৰিয় ব্ৰেণ্ড পূৰবী ডেইৰীয়ে (Purabi Dairy)। লক্ষ্যণীয় যে, পূৰবী ডেইৰীয়ে অৰ্জন কৰা এই কৃতিত্ব ব্ৰেণ্ডটোৰ দুগ্ধজাত সামগ্ৰীৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। সমান্তৰালভাৱে পূৰবী সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ আস্থা আৰু পছন্দ বৃদ্ধিৰো ইংগিত প্ৰদান কৰিছে এই কৃতিত্বই। মাঘ বিহুৰ এই বিক্ৰী বৃদ্ধিয়ে বজাৰত পূৰবী ডেইৰীৰ বৰ্ধিত উপস্থিতি আৰু উৎসৱৰ বতৰত বৰ্ধিত চাহিদা পূৰণ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে।

দুগ্ধ সমবায়খনে জনোৱা মতে, বিগত বছৰৰ তুলনাত চলিত বৰ্ষৰ মাঘ বিহুত পূৰবী ডেইৰীৰ বিক্ৰী ৩৫ শতাংশ বৃদ্ধি পাইছে। এই বছৰ দৈৰ বিক্ৰী ৭০ শতাংশ বৃদ্ধি পাইছে, যিয়ে অসমীয়া মানুহৰ পূৰবী সামগ্ৰীৰ প্ৰতি থকা বিশ্বাসৰ প্ৰতিফলন ঘটাইছে। একে সময়তে যোৱা বছৰৰ তুলনাত ক্ৰীমৰ বিক্ৰীও এই বছৰ ৪০ শতাংশ বৃদ্ধি পাইছে। ৱামুলৰ বিপণন মুৰব্বী এছ এম হুছেইনে এই সন্দৰ্ভত কয়, “মূলতঃ অসমৰ উৎপাদকসকলৰ পৰা সংগৃহীত গাখীৰৰ পৰা প্ৰস্তুত কৰা আমাৰ সামগ্ৰীৰ প্ৰতি অসমৰ ৰাইজৰ ইমান চেনেহ প্ৰদৰ্শনত আমি আনন্দিত হৈছো। এই সফলতা গুণগত মান সুনিশ্চিত কৰাৰ লগতে আমাৰ বিতৰণ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফচল।”

শুকুৰবাৰে দুগ্ধ সমবায়খনে গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত পূৰবী মিল্ক বুথ স্থাপন কৰি তেওঁলোকৰ বিক্ৰী নেটৱৰ্ক আৰু অধিক শক্তিশালী কৰে। এই মিল্ক বুথটো উদ্বোধন কৰে অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী আৰু সাগৰিকা গোস্বামী, অভিনেতা দেৱজিৎ মজুমদাৰ তথা পৰিচালক অচিন্ত শংকৰ আৰু পৰিচালক অতুলানন্দ বৰ্মনে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদা আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এনইডিএফএল)ৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসু। তদুপৰি ফ্ৰেঞ্চাইজি বুথ ভাব​ৰ্ণৱ জ্যোতি বৰ্মনেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

নতুন বিপণিখন সন্দৰ্ভত উৎসাহ ব্যক্ত কৰি ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই কয়, “আজি গুৱাহাটীত আমাৰ পঞ্চমটো পূৰবী মিল্ক বুথ উদ্বোধন কৰি আমি অতিশয় আনন্দিত হৈছো। কেৱল গুৱাহাটীতে নহয়, সমগ্ৰ অসমতে বৃদ্ধি পোৱা পূৰবী ডেইৰীৰ জনপ্ৰিয়তাই আমাক উৎসাহিত কৰিছে। আমাৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী গ্ৰাহকৰ বাবে যাতে অধিক সুলভ হৈ পৰে, তাৰ বাবে আমি গুৱাহাটীত নতুনকৈ ১০ খন বিপণি স্থাপন কৰাৰ পৰিকল্পনা কৰিছোঁ।” পাৰিদাই লগতে কয়, “আমাৰ সামগ্ৰীৰ বিশেষত্ব হ’ল ইয়াৰ সতেজতা আৰু গুণগত মান, যিটো অসমৰ উৎপাদকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা গাখীৰেৰে তৈয়াৰ কৰা হয়। আমাৰ এই গুণগত মানৰ প্ৰতিশ্ৰুতিক গ্ৰাহকে ইতিমধ্য স্বীকৃতি দিছে। বিশেষকৈ এইবাৰ মাঘ বিহুৰ সময়ত প্ৰতিদিনে ২ লাখ লিটাৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত আমি লাভ কৰিবলৈ সক্ষম হোৱা কৃতিত্বই আমাৰ ওপৰত থকা গ্ৰাহকৰ আস্থা প্ৰতিফলিত কৰিছে। আমি আমাৰ বিকাশৰ প্ৰতি আশাবাদী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিভংগী কাৰ্যকৰী কৰাৰ লগতে অসমৰ কৃষকৰ সপোন পূৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।”

উল্লেখ্য যে, সমবায় ব্ৰেণ্ড পূৰবী পৰিচালনা কৰা ৱামুলে বিশ্ব বেংকৰ পুঁজিৰে অসম চৰকাৰৰ এপাৰ্ট প্ৰকল্পৰ অধীনত এই মিল্ক বুথটো স্থাপন কৰিছে। কোম্পানী আণ্ডাৰ ফ্ৰেঞ্চাইজি অপাৰেটেড (চিঅ’এফঅ’) মডেলৰ অধীনত মুকলি কৰা এই বুথটোত নাগৰিকসকলে সতেজ গাখীৰ আৰু লাচ্চি, সোৱাদযুক্ত গাখীৰ, আইচক্ৰীম, দৈ, সতেজ ক্ৰীম, ঘিউ, পনীৰকে ধৰি সতেজ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব
এনইডিএফএলৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসুৱে কয়, “পূৰবীৰ অন্তৰ্গত সামগ্ৰীসমূহ অসমৰ ৰাইজৰ মাজত সদায় জনপ্ৰিয় হৈ আহিছে। যোৱা বছৰৰ গ্ৰীষ্মকালৰ শেষৰ ফালে আমাৰ নতুন সামগ্ৰী পূৰবী স্বাদযুক্ত গাখীৰ মুকলি কৰা হৈছিল, যিটো পৰৱৰ্তী গ্ৰীষ্মৰ পূৰ্বে আমাৰ সকলো বিতৰণ পইণ্টতে ইয়াৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে এক কৌশলগত পদক্ষেপ আছিল। আমি ইতিবাচক সঁহাৰি আশা কৰিছিলোঁ, কিন্তু এই সামগ্ৰীৰ প্ৰতি মানুহৰ মৰম আৰু চাহিদা আমাৰ প্ৰত্যাশাতকৈও অধিক আছিল। বৰ্তমান ২৫০০ ৰো অধিক বিক্ৰী স্থানত উপলব্ধ পূৰবী স্বাদযুক্ত গাখীৰে এই শীতকালতো গুৰুত্বপূৰ্ণ পুনৰাবৃত্তিমূলক বিক্ৰী লাভ কৰিছে। এই সামগ্ৰী দীৰ্ঘ সময়ৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰি। গতিকে আমি এতিয়া ৰাজ্যৰ সীমা অতিক্ৰম কৰি আৰু আমাৰ শক্তিশালী বিতৰণ নেটৱৰ্ক ব্যৱহাৰ কৰি এই সামগ্ৰী অধিক গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই আছো।”

তেওঁ লগতে কয়, “অসম চৰকাৰৰ ব্যাপক সহায়ৰ বাবে আমি গভীৰভাৱে কৃতজ্ঞ। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাট আৰু ডিব্ৰুগড়ত ডেইৰী স্থাপনৰ অনুমোদন জনোৱাৰ লগতে শিলচৰ আৰু ধেমাজিতো একে ধৰণৰ সুবিধা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই পদক্ষেপবোৰে পৰৱৰ্তী সাত বছৰত পূৰবী ব্ৰেণ্ডক প্ৰতি বছৰে ১০ লাখ লিটাৰ গাখীৰ পৰিচালনা কৰাৰ স্থিতিলৈ লৈ যাব। চৰকাৰৰ দ্বাৰা অনুমোদিত অসম দুগ্ধ উন্নয়ন আঁচনিয়ে সমবায় দুগ্ধ আৰ্হিৰ উন্নতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৱামুল আৰু য়ামুলে ইতিমধ্যে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ (এনডিডিবি) নিৰ্দেশনাত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে আৰু বৰাক উপত্যকাতো একে ধৰণৰ সমবায় দুগ্ধ সংঘ স্থাপনৰ পৰিকল্পনা চলি আছে। এই উন্নয়নে কেৱল সমবায় গাঁথনি শক্তিশালী কৰাই নহয়, লগতে সমগ্ৰ অসমৰ ১.৭৫ লাখৰো অধিক কৃষকক লাভান্বিত কৰিব আৰু দুগ্ধ খণ্ডত বহনক্ষম উন্নয়নত উদগনি জগাব।”

উল্লেখ্য যে, এপাৰ্ট প্ৰকল্পৰ অধীনত বিভিন্ন স্থানত প্ৰিফেব্ৰিকেটেড পূৰবী মিল্ক বুথ স্থাপনৰ লক্ষ্য কেৱল পূৰবী গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ উপলব্ধতা বৃদ্ধি কৰাই নহয়, ইয়াৰ দ্বাৰা উচ্চাকাংক্ষী উদ্যোগীসকলৰ বাবেও এক অনন্য ব্যৱসায়িক সুযোগ প্ৰদান কৰা হৈছে। জনতা ভৱন, গুৱাহাটী মেডিকেল কলেজ হাস্পতাল। (জিএমচিএইছ), অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ বিপৰীত দিশত আৰু খানাপাৰাৰ ইণ্ডিয়ান অইল পেট্ৰ’ল পাম্পত এনে বিপণি সফলতাৰে স্থাপন কৰা হৈছে। তদুপৰি, দুগ্ধ সমবায়খনে পূৰবী ডেইৰীৰ পাঞ্জাৱাৰীৰ চৌহদত আৰু চাংসাৰিৰ এইমছৰ বিপৰীত দিশত থকা পূৰবী চৌহদত দুখনকৈ পূৰবী পাৰ্লাৰ মুকলি কৰিছে।

আধুনিক নান্দনিকতা আৰু কাৰ্য্যক্ষমতাৰ সংমিশ্ৰণেৰে স্থাপন কৰা এই বিপণিসমূহ বৰ্তমান কোম্পানী-অপাৰেটেড ফ্ৰেঞ্চাইজি (চিঅ’এফঅ’) মডেলৰ অধীনত পৰিচালিত হৈ আছে। এই মডেলৰ অধীনত অধিক উদ্যোগীক এনে বিপণি স্থাপনৰ বাবে উৎসাহিত কৰিব বিচাৰিছে পূৰবীয়ে। আগন্তুক সময়ত গুৱাহাটীৰ লগতে অসমৰ অন্যান্য প্ৰান্ততো এনে বিপণি স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে পূৰবী ডেইৰীয়ে।